ৰিয়ানৰ প্ৰশংসাত পঞ্চমুখ ইৰফান, ৰাইনাঃ ক'লে আগন্তুক দুবছৰত খেলিব ভাৰতৰ হৈ

দলৰ বিপদত ৰিয়ানৰ দায়িত্বশীল বেটিং

author-image
Asomiya Pratidin
New Update
ৰিয়ানৰ প্ৰশংসাত পঞ্চমুখ ইৰফান, ৰাইনাঃ ক'লে আগন্তুক দুবছৰত খেলিব ভাৰতৰ হৈ

ৰিয়ানৰ প্ৰশংসাত পঞ্চমুখ ইৰফান, ৰাইনাঃ ক'লে আগন্তুক দুবছৰত খেলিব ভাৰতৰ হৈ

ডিজিটেল ডেস্কঃ অৱশেষত ৰিয়ান পৰাগৰ প্ৰশংসাত পঞ্চমুখ হ'ল প্ৰাক্তন ক্ৰিকেটাৰ। আই পি এলত ধাৰাবাহিক ব্যৰ্থতাৰ পাছতো ৰিয়ানক দলত স্থান দিয়াক লৈ সমালোচনা কৰা কেইবাজনো ক্ৰিকেটাৰে এতিয়া ৰিয়ানক প্ৰশংসাৰে উপচায় দিছে।

Advertisment

দিল্লীৰ বিৰুদ্ধে খেলা আজিৰ মেচখনত ৰিয়ান পৰাগে দলৰ বিপদৰ সময়ত দায়িত্বশীল বেটিঙেৰে মাত্ৰ ৩৪ টা বলতে অৰ্ধশতক অৰ্জন কৰে। মেচখনত ৰিয়ানে মুঠ ৪৫ টা বলত ৮৪ ৰাণ সংগ্ৰহ কৰে। যিসময়ত দলটোৰ যশস্বী জয়ছোৱাল, সঞ্জু চেমচন, জছ বাটলাৰৰ দৰে ক্ৰিকেটাৰসকল ব্যৰ্থ হ'ল সেই সময়তে ৰিয়ানে আহি দলৰ ইনিংছ চম্ভালে।

ৰিয়ানৰ এনে প্ৰদৰ্শনত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰে দলটোৰ জ্যেষ্ঠ ক্ৰিকেটাৰসকলৰ লগতে ধাৰাভাষ্যকাৰ হিচাপে থকা প্ৰাক্তন ক্ৰিকেটাৰসকল। বিশেষকৈ ঘৰুৱা ক্ৰিকেটৰ খবৰ ৰখা ইৰফান পাঠানে এইবাৰ ঘৰুৱা ক্ৰিকেটত ৰিয়ানৰ প্ৰদৰ্শন দেখি আই পি এলত পূৰ্বতকৈ উন্নত প্ৰদৰ্শন কৰিব পাৰিব বুলি পূৰ্বানুমান কৰিছিল। সেই পূৰ্বানুমান সত্য হোৱাত এতিয়া ইৰফান পাঠানে আগন্তুক দুবছৰত ৰিয়ানে ভাৰতৰ হৈ খেলিব বুলিও ভৱিষ্যতবাণী কৰিছে। একেদৰে সুৰেশ ৰাইনায়ো ৰিয়ানে ভাৰতৰ হৈ খেলিব পাৰিব বুলি ভৱিষ্যতবাণী কৰিছে।

উল্লেখ্য যে, আজিৰ মেচখনত ৰিয়ানৰ বেটৰ পৰা আহে ৭ টা ফ'ৰ আৰু ৬ টা ছিক্সাৰ। ইয়াৰোপৰি দলটোৰ হৈ আৰ অশ্বিনে ১৯ বলত কৰে ২৯ ৰাণ। ধ্ৰৱ জুৰেলে কৰে ১২ বলত ২০ ৰাণ। দলটোৰ মুঠ স্ক'ৰ হয় ১৮৫। স্মৰ্তব্য যে, ৰিয়ান পৰাগৰ আই পি এলৰ এয়াই সৰ্বোত্তম প্ৰদৰ্শন।

Also Read: নগাঁৱত উপস্থিত নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক পাচিয়াপ্পান পি....

আই পি এল ৰিয়ান পৰাগ