/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/cc582617-c896-4a17-b1bc-6585a1a083d2/nagaon_dc_28.jpg)
নগাঁৱত উপস্থিত নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক পাচিয়াপ্পান পি....
ডিজিটেল সংবাদ নগাঁও: আগন্তুক লোকসভা নিৰ্বাচনৰ ৯ নং নগাঁও লোকসভা সমষ্টিৰ বাবে নিয়োজিত নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক, ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া পাচিয়াপ্পান পি. (Panchiyappan P,IRS)দায়িত্বভাৰ গ্ৰহণ কৰি বুধবাৰে সন্ধিয়া জিলাখনত উপস্থিত হয়। নিৰ্বাচনী ব্যয় সম্পৰ্কীয় যিকোনো বিষয় বা অভিযোগ সম্পৰ্কত ব্যয় পৰ্যবেক্ষকগৰাকীক 8472047876 নম্বৰত যোগাযোগ কৰিব পাৰিব।
আজি ব্যয় পৰ্যবেক্ষকগৰাকীয়ে নগাঁও জিলা আয়ুক্ত কাৰ্য্যলয়ৰ সভাকক্ষত নির্বাচনী ব্যয় পৰীক্ষণ কোষ (Election Expenditure Monitoring Cell)ৰ নডেল বিষয়া, জিলা আৰক্ষী অধীক্ষক, নিৰ্বাচনী বিষয়া, সহকাৰী নিৰ্বাচন বিষয়া (ARO), আৰু নিৰ্দিষ্ট নিৰ্বাচনী কোষসমূহৰ বিষয়াসকলৰ লগত এখন আলোচনা সভাত মিলিত হয়। সভাত তেখেতে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো নিকা, স্বচ্ছ আৰু সুচাৰুৰূপে পৰিচালনা কৰি সমাপন কৰিবৰ বাবে সংশ্লিষ্ট বিষয়াবৰ্গক আহ্বান জনোৱাৰ লগতে প্ৰশিক্ষণৰ প্ৰয়োজন হ'লে তেখেতক অৱগত কৰিবলৈ কয়। এই ক্ষেত্ৰত তেখেতে সকলোৰে সহায় সহযোগিতা কামনা কৰে।
Also Read: বৰনৰ্দ্দীৰ ১০২ সংখ্যক মহাবিষ্ণু যজ্ঞৰ ধৰ্মালোচনী সভাত গ্ৰন্থ উন্মোচন...