সপোনৰ পৃথিৱীত থকা ৰিংকুৱে নিবিচাৰে এতিয়াই সাৰ পাব...

সপোনৰ পৃথিৱীত থকা ৰিংকুৱে নিবিচাৰে এতিয়াই সাৰ পাব...

author-image
Asomiya Pratidin
New Update
সপোনৰ পৃথিৱীত থকা ৰিংকুৱে নিবিচাৰে এতিয়াই সাৰ পাব...

সপোনৰ পৃথিৱীত থকা ৰিংকুৱে নিবিচাৰে এতিয়াই সাৰ পাব...

ডিজিটেল ডেস্কঃ ‘এয়া যেন মোৰ বাবে এক সপোন। এই মুহূৰ্তত মই সাৰ পাব নিবিচাৰো।‘- আই পি এল-২০২৩ ত বিধ্বংসী বেটিঙেৰে খেলপথাৰত তাণ্ডৱ সৃষ্টি কৰা কলকাতা নাইট ৰাইডাৰ্ছৰ বেটছমেন ৰিংকু সিঙে ভাৰতীয় ক্ৰিকেট দললৈ আমন্ত্ৰণ লাভ কৰাৰ পাছতে এই মন্তব্য কৰিছে।

Advertisment

আয়াৰলেণ্ডৰ বাবে ঘোষিত ভাৰতীয় দলত স্থান দিয়া হৈছে বাওঁহতীয়া বেটছমেনজনক। আয়াৰলেণ্ডৰ ভ্ৰমণৰ বাবে সোমবাৰে নিশা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে ঘোষণা কৰিছে ভাৰতীয় ক্ৰিকেট দলটো।

এই দলটোৰ নেতৃত্ব দিয়া হৈছে আঘাতৰ পৰা মুক্ত হৈ দললৈ প্ৰত্যাৱৰ্তন কৰা বেগী বলাৰ যশপ্ৰীত বুমৰাহক। যুৱ ক্ৰিকটাৰেৰে গঠিত এই দলটোত স্থান দিয়া হৈছে ৰিংকু সিঙকো।

আয়াৰলেণ্ডৰ বিৰুদ্ধে তিনিখন টি-২০ মেচৰ বাবে স্থান লাভ কৰিছে ৰিংকুৱে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰিংকু সিঙে কয়- এয়া এক দুৰ্দান্ত অনুভূতি। ভাষাৰে মই সেয়া প্ৰকাশ কৰিব নোৱাৰো।

একেবাৰে শূন্যৰ পৰা আহি আজি এই স্থান লাভ কৰিছো। মই অতি আৱেগিক। পৰিয়ালৰ সৈতে কথা পতাৰ সময়ত প্ৰতিবাৰেই কান্দিবলগীয়া হৈছে।

উল্লেখ্য যে, যোৱা প্ৰায় ৬ টা বছৰ ধৰি ৰিংকু সিং কলকাতা নাইট ৰাইটডাৰ্ছৰ সৈতে আছে। আই পি এলৰ প্ৰথম তিনিটা ছিজনত তেওঁ কৰিছিল মাত্ৰ ৭৭ ৰাণ। ২০২১ত ৰিংকুৱে এখনো মেচত খেলাৰ সুযোগ লাভ কৰা নাছিল।

২০২২ ৰ দ্বিতায়াৰ্ধত কেইখনমান মেচ খেলি দ্ৰুত গতিত ৰাণ কৰি দলীয় মেনেজমেণ্টৰ বিশ্বাস অৰ্জন কৰিবলৈ সক্ষম হৈছিল। আৰু ২০২৩ ত ৰিংকু সিঙে গেম চেঞ্জাৰ হিচাপে আত্মপ্ৰকাশ কৰি বিশ্ব ক্ৰিকেটত নিজৰ নাম চৰ্চালৈ আনিবলৈ সক্ষম হৈছিল। ২০২৩ ছিজনত ৰিংকুৰ বেটৰ পৰা আহিল ৪৭৪ ৰাণ।  

দেশৰ বাবে খেলাৰ দুৰন্ত হেঁপাহ আছিল ৰিংকুৰ। আই পি এলৰ সেই ৫ টা ছিক্সাৰৰ সন্দৰ্ভত ৰিংকু সিঙক কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কৈছে, কিবা এটা বিষয়ত বেছি চিন্তা ভাৱনা কৰিলে সেই বিষয়ত মই সফল হ'ব নোৱাৰো। মই বৰ্তমানক লৈহে চিন্তা কৰো।

সকলোৱে মোক আই পি এলৰ সেই ৫ টা ছিক্সাৰক লৈ প্ৰশ্ন কৰে। জানিবলৈ বিচাৰে ইয়াৰ আঁৰত কি পৰিকল্পনা আছিল। সঁচা কথাটো হ'ল ইয়াৰ আঁৰত কোনো প্লেনিং নাছিল। সেই দিনটোহে মোৰ আছিল। প্ৰতিটো বল বেটত লাগিছিল। সেয়া ঈশ্বৰৰ পৰিকল্পনা আছিল।

Also Read: গৰ্ভৱতী পত্নীক দাৰে ঘপিয়াই হত্যা কৰি আত্মহত্যা কৰিলে শিক্ষক স্বামীয়ে...

ৰিংকু সিং