গৰ্ভৱতী পত্নীক দাৰে ঘপিয়াই হত্যা কৰি আত্মহত্যা কৰিলে শিক্ষক স্বামীয়ে...

গৰ্ভৱতী পত্নীক দাৰে ঘপিয়াই হত্যা কৰি আত্মহত্যা কৰিলে শিক্ষক স্বামীয়ে...
গৰ্ভৱতী পত্নীক দাৰে ঘপিয়াই হত্যা কৰি আত্মহত্যা কৰিলে শিক্ষক স্বামীয়ে...

ডিজিটেল সংবাদ ধেমাজিঃ সোমবাৰে আবেলি ধেমাজিৰ জিলা বৰদলনি ভকত কৈৱৰ্ত্ত গাঁৱত সংঘটিত হৈছে এক জঘণ্য আৰু চাঞ্চল্যকৰ কাণ্ড। গাওঁখনৰ এজন ব্যক্তিয়ে অতি জঘণ্য ভাৱে নিজৰেই গৰ্ভৱতী পত্নীক দাৰে আক্ৰমণ কৰি হত্যা কৰাৰ লগতে পৰৱৰ্তী সময়ত নিজেও আত্মহত্যাৰ পথ বাছি লৈছে।

এই ঘটনা সংঘটিত হোৱাৰ পাছতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য। ঘটনাৰ তথ্যমতে সোমবাৰে বিয়লি প্ৰায় ৩ বজাত ৰিপুঞ্জিত দাস নামৰ এজন ব্যক্তিয়ে নিজ পত্নী চুমী দাস(২২)ক দাৰে ঘপিয়াই ৷ জানিব পৰা মতে ৰিপুঞ্জিত দাস নামৰ এই লোকজন এগৰাকী শিক্ষক।

এই ঘটনাৰ বিষয়ে গাওঁখনৰ স্থানীয় ৰাইজে জানিব পাৰি গুৰুতৰ ভাৱে আহত চুমী দাসক ততাতৈয়াকৈ ধেমাজি অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও ধেমাজি অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে তেওঁ ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

কিন্তু ধেমাজিৰ পৰা ডিব্ৰুগড়লৈ লৈ যোৱাৰ পথতে আহত মহিলাগৰাকীৰ মৃত্যু হয়। জানিব পৰা মতে নিহত চুমী দাস নামৰ এই বোৱাৰীগৰাকী আছিল আঁঠ মাহৰ অন্তসত্বা। আনহাতে পত্নীৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে ৰিপুঞ্জিত দাসেও নিশা আত্মহত্যাৰ পথ বাছি লয়।

গৰ্ভৱতী পত্নীক দাৰে ঘপিয়াই হত্যা কৰি আত্মহত্যা কৰিলে শিক্ষক স্বামীয়ে...
বিশ্ব হিন্দু পৰিষদৰ ৰেলীৰ পাছতে জ্বলি উঠিছে হাৰিয়ানা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in