/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/4e108d1d-f59e-4a2b-87e5-3f5afeb91791/93.jpg)
ডিজিটেল ডেস্ক : যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই প্ৰচাৰ অভিযান তুংগত উঠিছে। সমাগত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত জোৰদাৰ প্ৰচাৰ অভিযানত নামি পৰিছে বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/f07356af-6a95-4f5a-8775-4f1f08d47996/437370385_991693892316375_6411044800930397328_n.jpg)
প্ৰাৰ্থীগৰাকী শনিবাৰে তামুলপুৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত উপস্থিত থাকি দেশৰ উন্নয়ন আৰু বি টি আৰৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীক পুনৰ অধিষ্ঠিত কৰাৰ বাবে ভোটাৰ ৰাইজক আহ্বান জনায়। বিগত ৩বছৰত প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰত শান্তিৰ পৰিৱেশ বিৰাজ কৰা বুলি দিলীপ শইকীয়াই মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/7e690264-d2c3-4ff1-b625-7fdd7fc81843/437361077_991693808983050_8300394710445220934_n.jpg)
উক্ত সভাত প্ৰাৰ্থী শইকীয়াই বি পি এফৰ নেতা হাগ্ৰামা মহিলাৰীক তীক্ষ্ণ সমালোচনা কৰে। মিত্ৰজোঁটৰ চৰকাৰৰ দিনত তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দিনত ব্যাপক উন্নয়ন হৈছে। দলং পাইছে, হাস্পতাল পাইছে, ৰাস্তা পাইছে বুলি শইকীয়াই ভাষণত উল্লেখ কৰে। উক্ত সভাত দলৰ কাৰ্যকৰ্তাৰ লগতে ভালেসংখ্যক ৰাইজ উপস্থিত থাকে।
Also Read: বিফলতা ! কীটনাশক দ্রৱ্য সেৱন কৰি ছাত্রীয়ে ল'লে চৰম সিদ্ধান্ত...