/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/e1670238-08f8-47b0-bc23-782b23f6e8c9/178.jpg)
ডিজিটেল ডেস্ক : বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ দপদপনি। শনিবাৰে নিশা গুজৰাট টাইটানছৰে অনুষ্ঠিত মেচত অনাসয়ে জয়লাভ কৰে ঘৰুৱা দলটোৱে।
নিম্ন স্ক'ৰীয় মেচখনত ঘৰুৱা দল আৰ চি বিয়ে ১৩.৪ অ'ভাৰতে বিজয় লক্ষ্যত উপনীত হয়। উল্লেখ্য যে টছত জয়লাভ কৰি আৰ চি বিয়ে আলহী দল গুজৰাটক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়।
পোনতে বেট ধৰি গুজৰাট টাইটানছে আৰ চি বিৰ বলিং আক্ৰমণত তিষ্ঠিব নোৱাৰি মাত্ৰ ১৪৭ ৰানতে ইনিংছ সামৰে। দলৰ হৈ শ্বাহৰুখ খান ৩৭, ডেভিদ মিলাৰ ৩০ আৰু ৰাহুল টেৱাটিয়াৰ ৩৫ ৰান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/b3f37052-9072-4229-b6bf-3234413dc504/GMwTTAEXsAEzIsi.jpg)
টপ অৰ্ডাৰ বেটাৰ শুভমন গীল ২, ঋধিমান সাহা ১ আৰু সাই সুদৰ্শন মাত্ৰ ৬ ৰান কৰিয়েই পেভিলিয়মুখী হয়। গুজৰাটৰ ইনিংছ পতনৰ মূলতে মহম্মদ ছিৰাজ, য়শ দয়াল আৰু বিজয় কুমাৰৰ নিয়ন্ত্ৰিত বলিং। তিনিওগৰাকী বলাৰে ২টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/9eb7d9a6-d7e2-4d84-a566-b673dc24ace8/GMv1ZdEXMAATqFB.jpg)
ইফালে বিজয় লক্ষ্য আগত লৈ ইনিংছ আৰম্ভ কৰা আৰ চি বিয়ে বিৰাট কোহলি ৪২ আৰু অধিনায়ক ফাফ ডুপ্লেছিৰ ৬৪ ৰানৰ সহায়ত বিজয় লক্ষ্য়ত উপনীত হয়। অৱশ্যে দলৰ বিজয়ত দীনেশ কাৰ্তিক ২১ আৰু স্বপ্নীল সিঙেও ১৫ ৰান কৰি অন্যতম ভূমিকা পালন কৰে।
Also Read: বামুণীমৈদামত "ব'হাগৰ মধুৰ লগন" সম্পন্ন