/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/603a39ab-42bf-483e-942e-41ee586d8a11/177.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : গুৱাহাটী মহানগৰৰ বামুণীমৈদামৰ মহিলাসকলৰ বৃহৎ অনুষ্ঠান "এনাজৰী মহিলা সংঘ" ৰ উদ্যোগত শনিবাৰে "ব'হাগৰ মধুৰ লগন" শীৰ্ষক এক মনোৰম অনুষ্ঠান ডা০ তেজেন্দ্ৰ বৰদলৈৰ চোতালত আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত অনুষ্ঠিত হয় । সংঘৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যাপিকা স্নিগ্ধা মেনন দাসৰ সঞ্চালনাত অনুষ্ঠিত বৰ্ণিল অনুষ্ঠানটিত সংঘৰ সদস্যাসকলে পৰিৱেশন কৰা সমবেত সংগীতেৰে শুভাৰম্ভ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/c50928c7-9798-486a-b257-d5639e40ecf3/48f2e54f_f804_48ee_8475_3c105ea595a5.jpg)
সংঘৰ সম্পাদিকা তথা লেখিকা পুতুলী ঠাকুৰীয়া মেধিয়ে আঁত ধৰা অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা সাংবাদিক দীপক শৰ্মাই অংশ লয়। শৰ্মাই কয়- "মহিলাসমাজে কৰিব নোৱৰা কাম একো নাই । আজিৰ প্ৰেক্ষাপটত আমাৰ দেশৰ লগতে বিশ্বৰ সমাজ জীৱনত বহু নাৰীয়ে যোগাত্মক চিন্তাৰে দপদপাই আছে ।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/70880fbe-3ecc-4bb3-86bf-52be0669bad4/e891e7f8_9752_49dc_be3b_a627a404d945.jpg)
অনুষ্ঠানত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষা ড০ ইন্দিৰা বৰদলৈয়ে অংশ লৈ বিহুৰ মাদকতা আজীৱন থাকিব বুলি কয় । বি বৰুৱা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপিকা ড০ জ্যোতি বৰাই অংশ লৈ কয়- ব'হাগে সমন্বয়-সংহতিৰ বাৰ্তা বিয়পায় । পথাৰৰ বিহুয়ে প্ৰকৃততে বিহু বুলি মত পোষণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/4c6f0f0e-e54c-4200-ada9-bbcd9eb78d14/90c2d033_6205_484f_8b7d_3863f4c46903.jpg)
অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰী অৱসৰী অধ্যাপিকা ডা০ সীমাৰেখা দেৱী, জ্যেষ্ঠ সাংবাদিক গীতাঞ্জলি বৈশ্য নাথে বিশিষ্ট অতিথি হিচাপে অংশ লৈ শ্ৰুতি মধুৰ বক্তব্য দাঙি দাঙি ধৰে । অনুষ্ঠানত প্ৰাক্তন সভাপতি জোনা দাস, প্ৰাক্তন সম্পাদিকা ৰুমা বৰুৱা, প্ৰাক্তন কোষাধ্যক্ষ জাহ্নৱী ভাগৱতীয়ে অতিথি হিচাপে অংশ লোৱা অনুষ্ঠানত মঞ্জু গৌতমে গোৱালপৰীয়া লোকগীত, বিহু হুচৰী, জেং বিহু, বড়ো নৃত্য পৰিৱেশন কৰা হয় ।
Also Read: মোহন বাগানক পৰাস্ত কৰি ISLৰ চেম্পিয়ন মুম্বাই চি টি এফ চি...