সঁচাই বল টেম্পাৰিং কৰিছিল নেকি জাদেজাই ? ব্যৰ্থতা ঢাকিবলৈ আৰু কিমান তললৈ নামিব...

সঁচাই বল টেম্পাৰিং কৰিছিল নেকি জাদেজাই ? ব্যৰ্থতা ঢাকিবলৈ আৰু কিমান তললৈ নামিব...
সঁচাই বল টেম্পাৰিং কৰিছিল নেকি জাদেজাই ? ব্যৰ্থতা ঢাকিবলৈ আৰু কিমান তললৈ নামিব...

ডিজিটেল ডেস্কঃ ছাৰ জাদেজাই কৰিছিল নেকি বল টেম্পাৰিং? সমগ্ৰ ক্ৰিকেট বিশ্বত এতিয়া তাৰেই চৰ্চা। ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ নাগপুৰ টেষ্টৰ প্ৰথম ইনিংছত এক প্ৰকাৰে অষ্ট্ৰেলিয়াৰ বেটিং লাইআপত খহনীয়াৰ সৃষ্টি কৰিছিল জাদেজাই।

দীৰ্ঘদিন ধৰি আঘাতৰ বাবে দলৰ পৰা বাহিৰত থকা জাদেজাই দললৈ প্ৰত্যাৱৰ্তন কৰিয়েই প্ৰথম ইনিংছত ৫ টা উইকেট দখল কৰি চমক দিবলৈ সক্ষম হৈছিল। জাদেজাৰ এনে বলিং আক্ৰমণৰ বাবেই আলহী কেংগাৰু বাহিনীয়ে ১৭৭ ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই প্ৰথম ইনিংছ সামৰে।

ইয়াৰ পিছতে অষ্ট্ৰেলিয়াৰ একাংশ সংবাদ মাধ্যমে নাগপুৰ টেষ্টৰ প্ৰথম দিনটোৰ এটা দৃশ্য প্ৰচাৰ কৰি জাদেজাৰ বিৰুদ্ধে বল টেম্পাৰিঙৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰ পিছৰে পৰা সমগ্ৰ ক্ৰিকেট বিশ্বত এতিয়া এই বিষয়টোক লৈয়ে চৰ্চা।

অষ্ট্ৰেলিয়াৰ মিডিয়াই প্ৰথমে প্ৰচাৰ কৰা এই ভিডিঅ'ত দেখা গৈছে মহম্মদ ছিৰাজৰ পৰা কিবা এটা লৈ আৰু ৰবীন্দ্ৰ জাদেজাই নিজৰ আঙুলিত ঘঁহিছিল। এই দৃশ্য ভাইৰেল হোৱাৰ পিছতে কেইবাজনো প্ৰাক্তন ক্ৰিকেটাৰেও জাদেজাৰ বিৰুদ্ধে বল টেম্পাৰিঙৰ অভিযোগ উত্থাপন কৰিছে।

কিন্তু প্ৰকৃততে এয়া সত্য নে? জাদেজাই বল টেম্পাৰিং কৰিছিল নেকি? ভিডিঅ'টো ভালকৈ নিৰীক্ষণ কৰিলে দেখা যায়, জাদেজাই আঙুলিৰ বিষ উপশমৰ বাবে ছিৰাজৰ পৰা কিবা এটা লৈ লগাইলৈছিল।

এই বিষয়ে অধিনায়ক ৰোহিত শৰ্মায়ো মেচ ৰেফাৰীক অৱগত কৰিছিল। তাৰ পিছতো অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমে নিজৰ দলটোৰ ব্যৰ্থতা ঢাকিবলৈ জাদেজাৰ বিৰুদ্ধে উত্থাপন কৰিলে বল টেম্পাৰিঙৰ অভিযোগ। অষ্ট্ৰেলিয়াৰ মিডিয়াৰ সুৰতেই সুৰ মিলালে একাংশ প্ৰাক্তন ক্ৰিকেটাৰ। ন'কলেও হয় যে, এইসকল প্ৰাক্তন ক্ৰিকেটাৰ অষ্ট্ৰেলিয়ান।

সঁচাই বল টেম্পাৰিং কৰিছিল নেকি জাদেজাই ? ব্যৰ্থতা ঢাকিবলৈ আৰু কিমান তললৈ নামিব...
এসপ্তাহৰ ভিতৰতে চিৰাং জিলাত দুটাকৈ লোমহৰ্ষক ডকাইতি কাণ্ড

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in