এসপ্তাহৰ ভিতৰতে চিৰাং জিলাত দুটাকৈ লোমহৰ্ষক ডকাইতি কাণ্ড

এসপ্তাহৰ ভিতৰতে চিৰাং জিলাত দুটাকৈ লোমহৰ্ষক ডকাইতি কাণ্ড

ডিজিটেল সংবাদ,চিৰাং : প্ৰথম ঘটনা চিদলী থানাৰ অন্তৰ্গত ছামঠাইবাৰীৰ পেট্ৰ'ল পাম্পৰ পৰা ফুট গধূলিতে পিষ্টল দেখুৱাই লুটি নিছিল ৩ লাখ ৫০ হেজাৰ টকা । পুনৰ শুকুৰবাৰে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ অন্তৰ্গত খুংগ্ৰীঙৰ সাপ্তাহিক বজাৰত দিনৰ পোহৰতে পুনৰ ডকাইতি কাণ্ড সংঘটিত হয় ।

খুংগ্ৰীং বজাৰতো মটৰচাইকেলত অহা ৩ জন হেলমেট পৰিধান কৰা অচিনাক্ত দুৰ্বৃত্তই পিস্তল টোৱাই লুটি নিলে ২ লাখ টকা । আজি পুৱতি নিশা চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ খুংগ্ৰীং সাপ্তাহিক বজাৰত মটৰচাইকেলত অহা ৩ হেলমেট পৰিধান কৰা দুৰ্বৃত্তই পিস্তল টোৱাই দুজন ক্ষুদ্ৰ ব্যবসায়ীৰ পৰা ২ লক্ষাধিক টকা লুন্ঠন কৰা ঘটনা সংঘটিত হোৱাৰ পিছত সমগ্ৰ জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ।

বাসুগাঁও চহৰৰ নতুন বস্তীৰ ক্ষুদ্ৰ ব্যৱসায়ী বাদল সাহা আৰু বাবু সাহাই খুংগ্ৰীঙৰ সাপ্তাহিক বজাৰত উপস্থিত হোৱাৰ সময়তে বাজাজ পালচাৰ মটৰচাইকেলত অহা তিনিজন অচিনাক্ত দুৰ্বৃত্তই পিস্তল টোৱাই নগদ ২ লাখ টকা লুন্ঠন কৰি লৈ যায় । আজি ডকাইতি কাণ্ড সংঘটিত হোৱাৰ পিছত বিশেষকৈ দৈনিক হাট বজাৰ কৰি খোৱা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত পুনৰ আতংকৰ পৰিৱেশ বিৰাজ কৰে ।

আতংকিত ক্ষুদ্ৰ ব্যৱসায়ী সকলে নিৰাপত্তা বিচাৰি ৰুণীখাতা থানাৰ সন্মুখত আহি ভিৰ কৰে । ডকাইতি কাণ্ডৰ খবৰ লাভ কৰি পৰিস্থিতিৰ বুজ লৱলৈ চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰানজিত বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীসহ আৰক্ষীৰ এটা দল খুংগ্ৰীঙ সাপ্তাহিক বজাৰত উপস্থিত হয় ।

খুব কম সময়ৰ ভিতৰত অপৰাধী চক্ৰক আটক কৰা হ'ব বুলি মন্তব্য কৰে আৰক্ষীয়ে । ইপিনে নিৰাপত্তা বিচাৰি আতংকিত ব্যবসায়ী সকলৰ কাষত আহি থিয় দিয়ে স্থানীয় বিটিচিৰ পাৰিষদ তথা বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ।

ৰুণীখাতা থানাত আহি ৰঞ্জিত বসুমতাৰীয়ে ভুক্তভোগী বাদল সাহা, বাবু সাহাৰ সৈতে মত বিনিময় কৰি হাট বজাৰ কৰা ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ আশ্বাস প্ৰদান কৰে । ভুক্তভোগী ব্যবসায়ী দুজনক তেখেতে ব্যক্তিগত ভাৱে ক্ষতিপূৰণ দিয়াৰ কথা সদৰি কৰে । উক্ত ডকাইতি কাণ্ড সংঘটিত অপৰাধী সকলক কোনোপধ্যেই এৰি দিয়া নহ'ব বুলি সদৰি কৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in