/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/f0d8180a-dd1d-494f-a3bb-d6ed98d336d3/02.jpg)
ডিজিটেল সংবাদ,জয়পুৰ : ৰাজস্থান ৰয়েলছে চলিত আই পি এলত জয়ৰ হেট্ৰিক অৰ্জন কৰি মঙলবাৰে নিশা গৃহ চহৰ জয়পুৰত উপস্থিত হৈছে ৷ উল্লেখ্য যে ছিজনৰ প্ৰথম ৩খন মেচত জয়ী হৈ পইণ্ট তালিকাৰ শীৰ্ষস্থানত আছে অসম সন্তান ৰিয়ান পৰাগে প্ৰতিনিধিত্ব কৰা আই পি এলৰ উদ্ধোধনী বৰ্ষৰ চেম্পিয়ন দলটো ৷
অহা ৬এপ্ৰিলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছে বহু প্ৰত্যাশিত ‘পিংক প্ৰ’মিছ’ মেচখন খেলিব ৷ ইতিমধ্যে এই মেচৰ টিকট অনলাইনত মুকলি কৰা হৈছে আৰু অনুৰাগীৰ আশাপ্ৰদ সঁহাৰিও পোৱা গৈছে বুলি জানিব পৰা গৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/15cb76a8-94f5-446f-8f1e-8072cc28ecc2/4210b8e6_f881_4939_956a_2665f42acaf7.jpg)
স্মৰ্তব্য যে অপৰাজেয় ৰাজস্থান ৰয়েলছে ৱাংখেড়ে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে জয়লাভ কৰি আত্মবিশ্বাসৰে গৃহভূমি লৈ আহিছে ৷ মেচখনত ৩৯ বলত অপৰাজিত ৫৪ ৰাণ কৰি ৰাজস্থান ৰয়েলছৰ ক্ৰমাগত তৃতীয় বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা লয় অসম সন্তান ৰিয়ান পৰাগে ৷
তদুপৰি এই মেচতে লীগত এতিয়ালৈকে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা বেটাৰ হিচাপে কমলা টুপীও হস্তগত কৰে ৰিয়ানে ৷ ২২ বছৰীয়া অসম গৌৰৱ ৰিয়ান পৰাগে ইয়াৰপূৰ্বে জয়পুৰত খেলা মেচত দিল্লী কেপিটেলছৰ বিৰুদ্ধে অপৰাজিত ৮৪ ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছক চলিত আই পি এল ছিজনৰ দ্বিতীয়খন মেচত বিজয়ী কৰোৱাত নায়কৰ ভূমিকা লৈছিল ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/eb5a8e5e-1beb-4aba-be04-59c299410e03/44214916_cee3_4c8c_8e4d_e000e7247a74.jpg)
আনহাতে, সুদক্ষ অলৰাউণ্ডাৰগৰাকীয়ে সবাই মনাসিং ষ্টেডিয়ামত ছিজনৰ প্ৰথমখন মেচতো লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে ৪৩ ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছক জয়ৰে অভিযান আৰম্ভ কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ৷ এতিয়া ৰিয়ান তথা দল সাজু হৈছে বিশেষ মেচখনলৈ ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/47aa5e55-1cc7-40f4-9c63-5acb5051d529/559dd34a_2846_4db1_a36e_78396402bfd0.jpg)
উল্লেখ্য যে ‘পিংক প্ৰ’মিছ’ মেচৰ লক্ষ্য হৈছে মহিলা সবলীকৰণ ৷ এই মেচখনত ৰয়েলছে বিশেষ অল-পিংক মেচডে কিট পিন্ধিব ৷ দলটোৰ লক্ষ্য হ’ল ৰাজস্থানৰ গ্ৰাম্য অঞ্চলৰ সেই সকল মহিলাক সমৰ্থন কৰা যিয়ে প্ৰেৰণা হৈ সমাজ পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। লগতে নিজকে শক্তিশালী মহিলা হিচাপে প্ৰতিষ্ঠা কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/44c29937-70fc-48f6-84cc-11b86b183462/WhatsApp_Image_2023_09_29_at_02_44_40.webp)
ৰাজস্থান ৰয়েলছে এই মেচৰ বাবে ক্ৰয় কৰা প্ৰতিটো টিকটত ৰাজস্থানৰ মহিলা নেতৃত্বাধীন গ্ৰাম্য ৰূপান্তৰৰ বাবে ১০০ টকাকৈ দান কৰিব ৷ ইয়াৰ পূৰ্বে ৰয়েলছে ঘোষণা কৰিছে যে প্ৰতিটো অল পিংক ৰয়েলছৰ জাৰ্চি বিক্ৰীৰ পৰা পোৱা ধনৰাশি ছ’চিয়েল ইকুইটি আৰ্ম - ৰয়েল ৰাজস্থান ফাউণ্ডেশ্যনক দিয়া হ’ব ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/b20fffd4-6149-42e3-aa08-529efb280d1f/efdd0c5f_bf3e_4968_83af_cf48548cf26a.jpg)
সেয়ে ৰাজস্থান ৰয়েলছে দলটোৰ সকলো অনুৰাগীক ৰাজস্থান তথা সমগ্ৰ ভাৰতত ইতিবাচক গ্ৰাম্য ৰূপান্তৰৰ দিশত অবিৰত যাত্ৰাৰে আগুৱাই যোৱা ক্ষমতাশালী মহিলাসকলক সমৰ্থন কৰাৰ বাবে এই মেচলৈ আমন্ত্ৰণ জনাইছে ৷ এই খেলখনত অংশগ্ৰহণ কৰা দৰ্শকে বিশেষ দিনত উপস্থিত থাকি ফাউণ্ডেশ্যনৰ কাম-কাজৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যৰে কৰা বিভিন্ন কাৰ্যসূচীৰ বাস্তৱিক প্ৰতিফলন চোৱাৰো সুযোগ পাব ৷
Also Read: ডিগবৈ-মাকুমত মনোজ ধানোৱাৰৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা