/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/4c6ad1d3-46d5-4f8a-9d95-b57bdc14c250/01.jpg)
ডিজিটেল সংবাদ,ডিব্ৰুগড় : লোকসভাৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ দৰে আম আদমি পাৰ্টীয়েও ব্যাপকভাৱে চলাইছে নিৰ্বাচনী প্ৰচাৰ। বুধবাৰে আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ সমৰ্থনত অনুষ্ঠিত হয় নিৰ্বাচনী সভা।
ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ডিগবৈ বিধানসভা ক্ষেত্ৰত আজি এক বিশাল প্ৰচাৰসভা অনুষ্ঠিত হয়। ডিগবৈৰ বিজেপি বিধায়ক সুৰেন ফুকনৰ বাসভৱনৰ সমীপতে আয়োজন কৰা এই জনসভাখনত সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে আৰু আম আদমি পাৰ্টীৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী মনোজ ধানোৱাৰক আশীৰ্বাদ প্ৰদান কৰাৰ কথা জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/ccfb200e-c8a2-4f35-86be-8ec3929b9d6a/28223e93_5ca2_4619_bf5b_288e22c829fa.jpg)
উক্ত সভাত বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰাৰ্থী ধানোৱাৰ। বিভিন্ন মন্তব্যৰে শাসকীয় দল বিজেপিক কঠোৰ সমালোচনা কৰা পৰিলক্ষিত হয়। আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে কয়- বিজেপি চৰকাৰৰ ভুল নীতিৰ বাবেই কেঁচা চাহপাত ক্ষুদ্ৰ চাহ খেতিয়কে ৰাস্তাত পেলাই দিবলগীয়া হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/64c70e6a-de6d-4d7b-a342-14491e9ea75e/c037fd23_d61f_4414_9d09_bd3502e879fb.jpg)
বিজেপি চৰকাৰে কোম্পানীৰ পৰা কোটি কোটি টকা লৈ এতিয়া কৰৰ বোজা সাধাৰণ ৰাইজৰ মূৰত জাপি দিছে। কৰৰ সন্ত্ৰাস চলোৱা বিজেপিক ৰাইজে প্ৰত্যাখান কৰক। এইদৰে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে আম আদমি পাৰ্টীৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী মনোজ ধানোৱাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/8eadea06-9239-46f9-89a0-ca6e2d860acb/1b217c3f_6050_420e_914a_0a4bf061380a.jpg)
আনহাতে আজিৰ দিনটোতে মাকুমত আন এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়। মাকুমত বিভিন্ন জাতি-জনগোষ্ঠীৰ সহস্ৰাধিক লোকৰ উপস্থিতিত প্ৰচাৰ সভাৰ লগতে যোগদান কাৰ্যসূচীও অনুষ্ঠিত হয়। উক্ত সভাখনত ৫শতাধিক লোকে আম আদমি পাৰ্টীত যোগদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/6eb30215-12b1-4ea0-b4a1-bbb2f6cc3b6d/ad3bab9e_ce91_4293_87b6_9714e073811a.jpg)
মাকুমত অনুষ্ঠিত সভাত প্ৰাৰ্থী মনোজ ধানোৱাৰে কয়- এতিয়া ডিব্ৰুগড় লোকসভা সমষ্টিত ঢৌ বৈছে আম আদমি পাৰ্টীৰ। ঝাড়ুৰে বিজেপিক এফালৰ পৰা চাফা কৰিবলৈ আমি ওলাই আহিছোঁ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/8aecb839-fb7c-4fbb-893e-0ca2955983c9/5c83fb58_f4c5_4f5e_ac00_7c1139231c6f.jpg)
অসমীয়াৰ আৱেগক লৈ কুটিল ৰাজনীতি কৰে বিজেপিয়ে, ৰাইজ সাৱধান। ক'লা-বগা, হিন্দু-মুছলমানৰ ৰাজনীতিৰ মেৰপাকত নপৰিব বুলি মনোজ ধানোৱাৰে হুংকাৰ প্ৰদান কৰে l
Also Read: অভিনেত্ৰী জয়া প্ৰদাই খেলিব নিৰ্বাচন !