আজি গুৱাহাটীত দিল্লী কেপিটেলছৰ সন্মুখীন হ'ব ৰাজস্থান ৰয়েলছ

বৰ্ষাপাৰাত দ্বিতীয়খন আই পি এল মেচ, উৎসাহিত সমগ্ৰ অসমবাসী
আজি গুৱাহাটীত দিল্লী কেপিটেলছৰ সন্মুখীন হ'ব ৰাজস্থান ৰয়েলছ
Published on
Updated on

ডিজিটেল ডেস্ক : ডেভিদ ৱাৰ্নাৰ, মিচেল মাৰ্শ্ব, পৃথ্বি শ্ব', এনৰিক নৰ্কিয়াৰ দৰে বিখ্যাত বেটছমেনৰ পয়োভৰ দিল্লী কেপিটেলছত । যিসকল যিকোনো মুহুৰ্ততেই ভয়ংকৰ হৈ উঠিব পাৰে টি-২০ত । কিন্তু এনে এটা ভয়ংকৰ দলেও চলিত আই পি এলত জয়ৰ মুখ দেখিবলৈ সক্ষম হোৱা নাই এতিয়ালৈকে । বৰং দুয়োখন মেচত নিৰ্লজ আত্মসমৰ্পন । আনহাতে, ৰাজস্থানৰ পেচ বলিঙতো একেই সমস্যা । ট্ৰেন্ট ব'ল্টৰ বাহিৰে এগৰাকী পেচ বলাৰেও প্ৰতিপক্ষৰ বাবে মূৰৰ কামোৰণি হৈ উঠিব পৰা নাই । অৱশ্যে স্পীনত ৰাজস্থান ৰয়েলছ শক্তিশালী ।

বৰ্ষাপাৰা ষ্টেডিয়াম তেনেক্ষেত্ৰত আশীৰ্বাদস্বৰূপ হৈ উঠিব পাৰে দুয়োটা দলৰ বাবে । যি সময়ত বৰ্ষাপাৰাৰ ২২ গজৰ বাউণ্ডেৰী বেটছমেনৰ বাবে স্বৰ্গভূমি, একেই সময়তে ভাৰতীয় শ্ল' পিটছ স্পীনৰ বাবেও বিখ্যাত ।

দিল্লী কেপিটেলছ এতিয়া নৰ্কিয়াৰ প্ৰত্যাৱৰ্তনৰ পাছত শক্তিশালী । ঘৰুৱা দল ৰাজস্থানৰ এটাই কামনা যেন দিল্লী কেপিটেলছে এইখন খেলত ফৰ্ম উভতাই নাপায় । অন্যথা এই বৃহৎ সংকটৰ পৰা ৰাজস্থানক উদ্ধাৰ কৰা অসম্ভৱ হৈ পৰিব খেলুৱৈসকলৰ বাবে । দুই পৰাজিত দলৰ সন্মুখত উভতি অহাৰ এয়াই সুন্দৰ সুক্ষোগ, যিয়েই সদব্যৱহাৰ কৰিব সিয়েই আই পি এলৰ যাত্ৰা অব্যাহত ৰাখিব ।

আজি গুৱাহাটীত দিল্লী কেপিটেলছৰ সন্মুখীন হ'ব ৰাজস্থান ৰয়েলছ
মহাপুৰুষ মাধৱদেৱ স্থাপিত বৈঠাপুতা সত্ৰ লুইতত জাহ যোৱাৰ উপক্ৰম...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in