মহাপুৰুষ মাধৱদেৱ স্থাপিত বৈঠাপুতা সত্ৰ লুইতত জাহ যোৱাৰ উপক্ৰম...

বিকল্প স্থানৰ সন্ধান কৰিবলৈ সত্ৰ মহাসভাৰ আহ্বান
মহাপুৰুষ মাধৱদেৱ স্থাপিত বৈঠাপুতা সত্ৰ লুইতত জাহ যোৱাৰ উপক্ৰম...

ডিজিটেল সংবাদ, ধুবুৰী : মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ স্মৃতি বিজৰিত বাঘবৰৰ ঐতিহাসিক বৈঠাপুতা ঘাট সত্ৰ বৰ্তমানে ব্ৰহ্মপুত্ৰৰ বুকুত লীন হোৱাৰ উপক্ৰম হৈছে। ব্ৰহ্মপু্ৰ নদীত তীব্ৰ খহনীয়াৰ ফলত যিকোনো সময়তে সত্ৰখনৰ অস্তিত্ব অসমৰ জাতীয় জীৱনৰ পৰা বিচ্ছিন্ন হোৱাৰ দিশে আগবাঢ়িছে।

কিছুদিন আগলৈকে সত্ৰখন আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ ব্যৱধান ২০ মিটাৰ আছিল। কিন্তু অতি সম্প্ৰতি এই ব্যৱধানৰ পৰিমাণ দ্ৰুতগতিত কমি আহি সত্ৰখনলৈ যোৱা প্ৰৱেশ পথৰ লগতে সত্ৰখনো সম্পূৰ্ণ ৰূপে জাহ যোৱাৰ দিশে অগ্ৰসৰ হৈছে। সত্ৰখনৰ শেহতীয়া পৰিস্থিতি আৰু সত্ৰখনৰ লগত সংযুক্ত হৈ থকা প্ৰায় ২০টা খিলঞ্জীয়া পৰিয়ালৰ জীৱন পৰিক্ৰমাৰ ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শনৰ বাবে অসম সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিৰ এটা ৩০জনীয়া প্ৰতিনিধি দলে যোৱা ৬ এপ্ৰিলত সত্ৰখন পৰিদৰ্শন কৰে।

সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিৰ প্ৰচাৰ সম্পাদক তথা উত্তৰ-পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে জনোৱা মতে, সেইদিনাই বৌঠাপুতা সত্ৰত সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা গোবিন্দ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হয়।

কাৰ্যনিৰ্বাহক সভাই সত্ৰখনে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ বাবে সন্মুখীন হোৱা সমস্যাৰ ওপৰত আলোচনা কৰি সত্ৰ আৰু সত্ৰখনৰ লগত জড়িত থকা খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যৎ জীৱনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এক বিকল্প স্থান বিচাৰি উলিয়াই সত্ৰখনৰ লগতে লোকসকলক সংস্থাপন দিয়াৰ বাবে অসম চৰকাৰ আৰু বৰপেটা জিলা প্ৰশাসনক আহ্বান জনায়।

২০২২ চনৰ ২৪ মে'ত ৰাজ্যৰ জল সম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই সত্ৰ আৰু সত্ৰৰ সমীপত চলি থকা খহনীয়া পিড়িত অঞ্চল পৰিদৰ্শন কৰি তাৎক্ষণিকভাৱে কিছু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও সেই ব্যৱস্থা পৰ্যাপ্ত নোহোৱাত সত্ৰখন আৰু খিলঞ্জীয়া ৰাইজ তীব্ৰ শংকাত দিন পাৰ কৰিবলগীয়া হৈছে। শেহতীয়াভাৱে মন্ত্ৰী গৰাকীৰ তৎপৰতাত প্ৰত আঢ়ৈ কোটি টকাৰ এক আঁচনি গ্ৰহণ কৰা কাৰ্য্যক সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিয়ে আদৰণি জনাইছে।

প্ৰাপ্ত তথ্য মতে, এই ধনৰাশিৰে পাৰ্কিউপাইন পেলোৱাৰ বাবে বিভাগীয়ভাৱে প্ৰস্তাৱ কৰা হৈছে। সত্ৰ মহাসভাই সত্ৰ আৰু খিলঞ্জীয়া লোকৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি পাৰ্কিউপাইন পেলোৱাৰ সলনি জিউ বেগ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে, সত্তৰ দশকতেই ২০০টা খিলঞ্জীয়া লোকে বাস কৰা এই অঞ্চলটো পূৰ্ব-বংগীয় লোকৰ আগ্ৰাসন আৰু ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা সৃষ্ট সমস্যাৰ বাবে বৰ্তমানে ৩৫ ঘৰ মানুহে বসবাস কৰি আছে।

সত্ৰখন পৰিদৰ্শনৰ সময়ত সত্ৰ মহাসভাৰ মণ্ডল সম্পাদক ধৰণীধৰ দাস, ধীৰাজ দেউৰী, জিলা সম্পাদক দিলীপ মেধিৰ লগতে বৰপেটা জিলাৰ কেইবাখনো সত্ৰৰ ভকত-বৈষ্ণৱ উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in