বৰ্ষাপাৰাত পঞ্জাৱে আৰম্ভ কৰিছে অনুশীলনঃ আহি পালে ৰাজস্থান ৰয়েলছো...

১৫ আৰু ১৯ মে'ত বৰ্ষাপাৰাত ৰাজস্থানৰ দুখনকৈ মেচ
বৰ্ষাপাৰাত পঞ্জাৱে আৰম্ভ কৰিছে অনুশীলনঃ আহি পালে ৰাজস্থান ৰয়েলছো...

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত খেলিবলগীয়া দুখনকৈ আই পি এলৰ মেচৰ বাবে আজি বিয়লি গুৱাহাটীত আহি উপস্থিত হয়হি ৰাজস্থান ৰয়েলছ দলটো। অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামক নিজা ষ্টেডিয়াম হিচাপে ব্যৱহাৰ কৰা ৰাজস্থান ৰয়েলছ দলটোৱে অহা ১৫ আৰু ১৯ মে'ত দুয়োখন মেচ খেলিব।

এক বিশেষ বিমানেৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱা দলটো পোনে পোনে সোণাপুৰৰ মে' ফায়াৰলৈ লৈ যোৱা হয়। ইফালে দলটোক গুৱাহাটী বিমান বন্দৰত উষ্ম আদৰণি জনাই বিমান বন্দৰ কৰ্তৃপক্ষই। সেইদৰে বিমান বন্দৰৰ বাহিৰত অসংখ্য অনুৰাগীয়ে প্ৰিয়ং ক্ৰিকেটাৰসকলক কাষৰ পৰা এবাৰ চাবলৈ ভিৰ কৰা পৰিলক্ষিত হয়।

উল্লেখ্য যে, ৰাজস্থানে প্ৰথমে ১৫ মে'ত পঞ্জাৱ কিংছ আৰু ১৯ মে'ত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলিব। ইফালে পঞ্জাৱ কিংছ দলটোৱে আজিৰে পৰা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুশীলন আৰম্ভ কৰিছে।

বৰ্ষাপাৰাত পঞ্জাৱে আৰম্ভ কৰিছে অনুশীলনঃ আহি পালে ৰাজস্থান ৰয়েলছো...
আহমেদাবাদত আজি কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখত গুজৰাট টাইটানছ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in