আহমেদাবাদত আজি কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখত গুজৰাট টাইটানছ

গুজৰাটৰে হ’ব লগা মেচ সামৰিয়েই কলকাতা নাইট ৰাইডাৰ্ছ উৰা মাৰিব গুৱাহাটীলৈ বুলি। অহা ১৯ মে’ত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলিব শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন দলটোৱে

author-image
Asomiya Pratidin
New Update
আহমেদাবাদত আজি কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখত গুজৰাট টাইটানছ

ডিজিটেল ডেস্ক : চলিত আই পি এলৰ এখন গুৰুত্বপূৰ্ণ মেচত অৱতীৰ্ণ হ’ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু গুজৰাট টাইটানছ। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন।

Advertisment

ইতিমধ্যে প্লে-অফত স্থান নিশ্চিত কৰা কলকাতা নাইট ৰাইডাৰ্ছৰ বাবে এই মেচখনৰ ফলাফলতকৈ গুৱাহাটীত খেলিব লগা মেচখনৰ প্ৰস্তুতি হিচাপেহে বিবেচিত হোৱা পৰিলক্ষিত হৈছে। কিয়নো ১৯মে’ত গুৱাহাটীৰ বৰ্ষাপাৰাত চলিত ছিজনৰ অন্তিমখন লীগ পৰ্যায়ৰ মেচ অনুষ্ঠিত হ’ব। উক্ত দিনা কলকাতাই শক্তিশালী ৰাজস্থান ৰয়েলছৰ সন্মুখীন হ’ব।

অৱশ্যে গুজৰাট টাইটানছৰ প্লে-অফৰ যাত্ৰা ক্ষীণ যদিও আজিৰ মেচখনৰ জৰিয়তে প্ৰত্যাৱৰ্তন কৰিব বিচাৰে। সেয়েহে কলকাতাৰ বেটাৰসকলৰ বাবে গুজৰাট টাইটানছে সুকীয়া ৰণনীতি প্ৰস্তুত কৰিছে। পইণ্ট তালিকাত দলৰ স্থান উন্নীত কৰাই মূল লক্ষ্য শুভমন গীল নেতৃত্বাধীন দলটোৰ।

ইফালে গুজৰাটৰে হ’ব লগা মেচ সামৰিয়েই কলকাতা নাইট ৰাইডাৰ্ছ উৰা মাৰিব গুৱাহাটীলৈ বুলি। অহা ১৯ মে’ত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলিব শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন দলটোৱে।

Also Read: বিয়লি গুৱাহাটী আহি পাব ৰাজস্থান ৰয়েলছ দল...

Kolkata Knight Riders ahmedabad IPL 2024 Gujarat Titans i