এখন মেচতেই দুটাকৈ ৰেকৰ্ডৰ গৰাকী হ'ল ৰাজস্থান ৰয়েলছৰ খেলুৱৈ

ৰাজস্থান ৰয়েলছ
ৰাজস্থান ৰয়েলছ

ডিজিটেল ডেস্ক : ৰেকৰ্ড ভঙা আৰু গঢ়াৰ খেলেই হ'ল আই পি এল । প্ৰতিদিনেই যেন এক নতুন ৰেকৰ্ড গঢ়া হয় আই পি এলত । শেহতীয়া খেলত ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকলেও দুটাকৈ ৰেকৰ্ডৰ অধিকাৰী হ'ল ।

উল্লেখ্য যে, ক'লকাতা নাইট ৰাইডাৰ্ছৰ সৈতে থকা খেলখনত ৰাজস্থান ৰয়েলছৰ সন্মুখত লক্ষ্য আছিল ১৫০ ৰানৰ ।

ক'লকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে বেটিং কৰিবলৈ আহি ২০ অভাৰত ৮ উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ১৪৯ ৰান । প্ৰথম ইনিংছতেই এক অভিলেখৰ গৰাকী হ'ল ৰাজস্থান ৰয়েলছৰ লেগ স্পীনাৰ য়ুজুবেন্দ্ৰ চাহাল । ৪ অভাৰ বলিং কৰি সৰ্বমুঠ ২৫ ৰান দি ব'লাৰ গৰাকীয়ে সংগ্ৰহ কৰিছিল ৪ উইকেট । যাৰ সৈতেই খেলুৱৈগৰাকীয়ে আই পি এল কেৰিয়াৰত সৰ্বমুঠ ১৮৪টা উইকেট সংগ্ৰহ কৰি আই পি এলৰ ইতিহাসত সৰ্বাধিক উইকেট সংগ্ৰহকাৰীৰূপে পৰিচিত হয় ।

ইয়াৰ পূৰ্বে এই অভিলেখ আছিল কেৰিবিয়ান অলৰাউণ্ডাৰ ডুৱেইন ব্ৰেভ'ৰ নামত । ব্ৰেভ'ই আই পি এল কেৰিয়াৰত সংগ্ৰহ কৰিছিল সৰ্বমুঠ ১৮৩টা উইকেট । আনহাতে, সৰ্বাধিক উইকেট সংগ্ৰহকাৰীৰ তালিকাত স্থান লাভ কৰিছে মাত্ৰ এজন পেচ ব'লাৰে । যি হৈছে শ্ৰীলংকাৰ লাচিত মালিংগা । মালিংগাৰ বাহিৰে তালিকাত স্থানপ্ৰাপ্ত প্ৰত্যেকগৰাকী খেলুৱৈয়ে স্পীনাৰ ।

ইয়াৰ ওপৰিও, দ্বিতীয় ইনিংছত ৰাজস্থান ৰয়েলছৰ হৈ আৰম্ভণি কৰিবলৈ আহিছিল য়শ্বস্বী জয়স্বোৱাল আৰু জছ বাটলাৰ । দুৰ্ভাগ্যবশত বাটলাৰ ০ ৰাণতেই পেভিলিয়নমুখী হোৱাৰ বিপৰীতে বিষ্ফোৰক বেটিঙেৰে দৰ্শকক মুহিলে য়শ্বস্বীয়ে । কেৱল ১৩টা বলতেই ৫০ ৰান সংগ্ৰহ কৰি আই পি এলৰ ইতিহাসৰ দ্ৰুততম অৰ্ধ শতকত গৰাকী হ'ল খেলুৱৈগৰাকী ।

সৰ্বমুঠ ৪৭ টা বলত ৯৮ ৰান সংগ্ৰহ কৰা খেলুৱৈগৰাকীৰ ব্যক্তিগত ইনিংছত আছিল ৫টাকৈ ছয় আৰু ১২টাকৈ চাৰি । সম্পূৰ্ণ ইনিংছত নট আউট হৈ ৰোৱা খেলুৱৈগৰাকীৰ ইনিংছৰ সৈতে অতি সহজেই ৰাজস্থানে লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হয় খেলখনত ।

একেদিনাই দুটাকৈ আই পি এলৰ অভিলেখ সৃষ্টি কৰি ৰাজস্থান ৰয়েলছ এতিয়া পইন্ট তালিকাৰ তৃতীয় স্থানত ।

ৰাজস্থান ৰয়েলছ
কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি অভিভূত হৈ পৰিল বিদেশী পৰ্যটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in