কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি অভিভূত হৈ পৰিল বিদেশী পৰ্যটক

কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি অভিভূত হৈ পৰিল বিদেশী পৰ্যটক

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি অভিভূত হৈ পৰিল তিনি ইজৰাইলী পৰ্যটক ৷ভাৰতৰ বিভিন্ন প্ৰান্ত ভ্ৰমন কৰি কাজিৰঙাত উপস্থিত হোৱা পৰ্যটক তিনিগৰাকীয়ে বৃহস্পতিবাৰে জীপ ছাফাৰী কৰে কহঁৰা বনাঞ্চলত ৷

কাজিৰঙাক প্ৰশংসাৰে উপচাই বিদেশী পৰ্যটক কেইগৰাকীৰ মন্তব্য যে কাজিৰঙাৰ সুন্দৰতা তেঁওলোকৰ বাবে আছিল সপোনৰো অগোচৰ ৷বন্যপ্ৰাণী সংৰক্ষণৰ বাবে অসম চৰকাৰে লোৱা ভূমিকাক বিদেশী পৰ্যটক কেইগৰাকীয়ে শলাগ লোৱাৰ লগতে মিহিমুখত গঁড়ৰ খৰ্গৰ ছাঁইৰে গঁড়ৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ পৰিকল্পনাক প্ৰশংসনীয় পদক্ষেপ বুলি অভিহিত কৰে পৰ্যটক সকলে ৷

উল্লেখযোগ্য যে বৃহস্পতিবাৰে হাতী ছাফাৰী বন্ধ হোৱাৰ পাছত অহা ১৫ মে'ত অন্ত পৰিব কাজিৰঙাৰ ২০২২-২৩ পৰ্যটন বৰ্ষ ৷ পৰ্যটকৰ আগমনেৰে অভিলেখৰ সৃষ্টি কৰি পৰ্যটন বৰ্ষৰ সমাপ্তিৰ প্ৰাকক্ষনতো কাজিৰঙালৈ আগমন হৈছে দেশী বিদেশী পৰ্যটকৰ৷ কাজিৰঙা ভ্ৰমনৰ স্মৃতি বুকুত বান্ধি ঘৰমুৱা হোৱা পৰ্যটকে দি গৈছে পুনৰ অহাৰ প্ৰতিশ্ৰুতি ৷

কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি অভিভূত হৈ পৰিল বিদেশী পৰ্যটক
দেশ কঁপাই যোৱা AMCH হত্যাকাণ্ডঃ ছাত্ৰী হত্যাৰ অভিযুক্ত চিকিৎসকে পাবনে শাস্তি?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in