১লাখ টকাৰ পুৰস্কাৰঃ বেলতলাত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা...

১০মাৰ্চৰ পৰা আৰম্ভ হ'ব এই ক্ৰিকেট প্ৰতিযোগিতা...
বেলতলাত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা...
বেলতলাত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা...

ডিজিটেল ডেস্কঃ ক্ৰীড়াপ্ৰেমীসকলৰ বাবে এটা ভাল খবৰ। অহা ১০মাৰ্চৰ পৰা পুমা ক্লাবে (PUMA CLUB) আয়োজন কৰিছে এখনি দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। ক্লাৱটোৰ ১৮বছৰীয়া সফলতাৰ পিছত আয়োজন কৰা এই প্ৰতিযোগিতাখনি ক্ৰীড়ানুৰাগীসকলৰ সহযোগিতা বিচাৰিছে উদোক্তাসকলে।

উল্লেখ কৰা প্ৰয়োজন যে, এই প্ৰতিযোগিতাখনি যোগদানৰ মাচুল ৫হাজাৰ টকা। প্ৰতিযোগিতাখনিত চূড়ান্ত বিজয়ী দলটোক ট্ৰফীৰ লগতে প্ৰদান কৰা হ'ব ১লাখ টকাৰ পুুৰস্কাৰ। ৰাণাৰ্ছ আপ দলটোকো প্ৰদান কৰা হ'ব ট্ৰফীৰ লগতে ৫০হাজাৰ টকাৰ পুৰস্কাৰ।

বেলতলা হাইস্কুল খেলপথাৰত অনুষ্ঠিত হবলগীয়া এই খেলখনিত অংশগ্ৰহণৰ বাবে উদোক্তাসকলে কেইবাটাও নম্বৰ মুকলি কৰিছে। সেই নম্বৰকেইটা হৈছে- ৮৮৭৬৯৪৬৭৬৫, ৮৬৩৮৯৪৭৬৬৪ আৰু ৬০০০৩০৬৩৫৩।

ক্ৰীড়াপ্ৰেমীসকলৰ বাবে এটা ভাল খবৰ
ক্ৰীড়াপ্ৰেমীসকলৰ বাবে এটা ভাল খবৰ
বেলতলাত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা...
বিহপুৰীয়াত আপৰ কাৰ্যকৰ্তা সন্মিলন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in