বিহপুৰীয়াত আপৰ কাৰ্যকৰ্তা সন্মিলন

বিহপুৰীয়াত আপৰ কাৰ্যকৰ্তা সন্মিলন

ডিজিটেল সংবাদ, গুৱাহাটীঃ আম আদমী পাৰ্টিৰ শোণিতপুৰ, বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ দলীয় নেতা-কৰ্মী সকলক লৈ দেওবাৰে বিহপুৰীয়াত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ কাৰ্যকৰ্তা সন্মিলন। সমাগত লোকসভা নিৰ্বাচনত শোণিতপুৰ লোকসভা সমষ্টিৰ আম আদমী পাৰ্টিৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ বিজয় সুনিশ্চিত কৰাৰ স্বাৰ্থত নাৰায়ণপুৰৰ মাধৱপুৰ তিনিআলিত অনুষ্ঠিত কৰা হয় এই কাৰ্যসূচী। নিৰ্বাচনত সফলতা লাভৰ বাবে দলৰ ৰণকৌশল নিৰ্ধাৰণ তথা দলটোক সাংগঠনিক ভাবে শক্তিশালী কৰাত দলৰ নেতা সকলে গুৰুত্ব আৰোপ কৰে।

তিনিওখন জিলাৰ বহুসংখ্যক দলীয় নেতা কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত কৰ্মকৰ্তা সন্মিলনত দলৰ ৰাষ্ট্ৰীয় মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ প্ৰতিনিধি কৰ্নেল ৰাহুল পানৱাৰে অংশগ্ৰহণ কৰে। সন্মিলনত দলৰ সাংগঠিনক দিশ শক্তিশালী কৰাৰ উদ্দেশ্যে আপৰ অসম ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱাৰ লগতে বিহপুৰীয়া সমষ্টিৰ নিৰ্বাচনী সমন্বয়ক নৱজিত বৰাইয়ো ভাষণ দিয়ে। ভাষণত বক্তাসকলে আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ বিজয় নিশ্চিত কৰাৰ বাবে সকলোকে আহ্বান জনায়।

বিহপুৰীয়াত আপৰ কাৰ্যকৰ্তা সন্মিলন
চিত্ৰ-কলা সংস্কৃতিক আকৌ সাৰুৱা কৰি তুলিব প্ৰণৱ বৰুৱা কলাক্ষেত্ৰই : মুখ্যমন্ত্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in