পৰাজয়ৰ ধাৰা অব্যাহত পি এছ জিৰ...

পৰাজয়ৰ ধাৰা অব্যাহত পি এছ জিৰ...

ডিজিটেল ডেস্ক : একেটা দলতে মেছি, এমবাপে, ৰামোছ, হাকিমিৰ দৰে তাৰকা থকাৰ পাছতো সফলতাৰ মুখ দেখা নাই পি এছ জিয়ে । লিঅ'ৰ দৰে এটি অখ্যাত ক্লাবৰ হাতত নিজৰ গৃহ ষ্টেডিয়ামতে পৰাস্ত হ'ল পি এছ জি । প্ৰতিপক্ষ লিঅ'ৰ একাদশত আছিল আলেকজেন্দ্ৰ লাকাজেত, নিক'লাছ তালিয়াফিকোৰ দৰে খেলুৱৈ । অৱশেষত এই সকল খেলুৱৈৰ সন্মুখতেই হাৰ মানিলে বিশ্বকাপৰ তাৰকা সকলে ।

পৰিৱৰ্তিত খেলুৱৈ ব্ৰেডলি বাৰকোলাৰ গ'লত লিঅ'ৰ বিৰুদ্ধে পৰাস্ত পি এছ জি । অৱশ্য এই পৰাজয়ৰ পাছত লীগৰ তালিকাৰ শীৰ্ষত আছে পি এছ জি । ২৯ খন মেছত সংগ্ৰহ কৰিছে ৬৬ পইন্ট ।

পি এছ জিৰ পৰাজয়ৰ ধাৰা অব্যাহত ৰখা সন্দৰ্ভত ইতিমধ্যে বহু বিশেষজ্ঞই প্ৰকাশ কৰিছিল মন্তব্য । ফুটবল হৈছে এক দলীয় খেল । বিশ্বৰ এঘাৰজন শ্ৰেষ্ঠ খেলুৱৈক লৈ তৈয়াৰ কৰা এটি দলো অসফল হ'ব যদিহে দলটিৰ মাজত নাই ঐক্যতা । যদিহে প্ৰত্যেকজন খেলুৱৈয়ে দলৰ বাবে খেলিব নিবিচাৰে । ঠিক যেন তেনেকুৱাই হ'ল পি এছ জিৰ বাবে ।

পৰাজয়ৰ ধাৰা অব্যাহত পি এছ জিৰ...
বঢ়মপুৰত গো-ধন চোৰৰ উপদ্ৰৱ : একেনিশাই তিনিখন গাঁৱৰ পৰা চোৰে নিলে ৭ টা গো-ধন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in