বঢ়মপুৰত গো-ধন চোৰৰ উপদ্ৰৱ : একেনিশাই তিনিখন গাঁৱৰ পৰা চোৰে নিলে ৭ টা গো-ধন

বঢ়মপুৰত গো-ধন চোৰৰ উপদ্ৰৱ : একেনিশাই তিনিখন গাঁৱৰ পৰা চোৰে নিলে ৭ টা গো-ধন

ডিজিটেল সংবাদ, বঢ়মপুৰ : নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ বিভিন্ন অঞ্চলত বিগত দুটা বছৰৰ ভিতৰতে  শতাধিক গো-ধন চুৰি হোৱাৰ তথ্য পোহৰলৈ আহিছে । ৰাইজৰ অভিযোগ যে , স্থানীয় একাংশ দুস্কৃতিকাৰীৰ লগত গোপন সম্পৰ্ক বজাই ৰাখি চোৰাং গো-ধন বেপাৰীয়ে এইদৰে অঞ্চলটোৰ পৰা নিশাৰ ভাগত গো-ধন চুৰি কৰে বুলি জানিব পৰা গৈছে ।

তাৰ ফলস্বৰূপে, আজি পুৱতি নিশা নগাঁও ইটাচালি  টাউন আৰক্ষী চকীৰ অন্তৰ্গত বঢ়মপুৰ হাতীয়নীভেটাৰ পিংকু নাথৰ এজনী গাই আৰু এটা দমৰা গো-ধন , বঢ়মপুৰ ২ নং ঘোগৰগাঁৱৰ ক্ৰমে  দন্দেশ্বৰ বছাৰ এটা দমৰা , গকুল বছাৰ এজনী গাই,   দীপেন কলিতাৰ এটা দমৰা আৰু পাপু সিং বাবাৰ এটা দমৰা গো-ধন চোৰে গোহালিৰ পৰা এৰালৰ সৈতে চুৰি কৰি নিয়ে । 

ঠিক তেনেদৰে বঢ়মপুৰ ৰঙাজান গাঁৱৰ নাৰায়ণ কৰ্মকাৰ নামৰ ব্যক্তিজনৰ গোহালিৰ পৰাও চোৰে এজনী চেউৰী গো-ধন চোৰ কৰি লৈ যায় । যাৰ ফলত কৃষিপ্ৰধান এই অঞ্চলবোৰৰ ৰাইজে উপাৰ্জনৰ সম্বল হিচাপে থকা নিজৰ গো-ধনকেইজনী হেৰুৱাই এতিয়া মূৰে -কপালে হাত দিবলগা হৈছে । 

উল্লেখ্য যে , অঞ্চলটোত গাঁওৰক্ষী বাহিনীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ গো-ধন চোৰৰ ঘটনা বৃদ্ধি হ'ব ধৰিছে । বিগত কিছুদিন ধৰি গো-ধনচুৰিৰ ঘটনা হ্ৰাস পাইছিল যদিও আজি পুনৰ এনেদৰে এটা ৰাতিৰ ভিতৰত ৭ টাকৈ গো-ধন চুৰি হোৱা ঘটনাই  ৰাইজক  উদ্বিগ্ন কৰি তোলাৰ সমান্তৰালকৈ আগন্তুক ৰঙালী বিহুৰ সময়ত অসমীয়া মানুহে বাস্তৱতে গো-ধন নাপাব যেন এক  আশংকাই গা কৰি উঠিছে । এইক্ষেত্ৰত আৰক্ষীয়েও কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি ৰাজহুৱা অভিযোগ উঠিছে ।

বঢ়মপুৰত গো-ধন চোৰৰ উপদ্ৰৱ : একেনিশাই তিনিখন গাঁৱৰ পৰা চোৰে নিলে ৭ টা গো-ধন
চাইকেল চলাই ৯ দিনত ককা পালেগৈ বাংলাদেশ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in