মহাৰাণী দ্বিতীয় এলিজাবেথৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰিমিয়াৰ লীগৰ খেল স্থগিত...

মহাৰাণী দ্বিতীয় এলিজাবেথৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰিমিয়াৰ লীগৰ এই সপ্তাহৰ শেষৰ সকলো মেচ পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণৰ কথা লীগৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ এটা পোষ্টযোগে প্ৰকাশ কৰা হয়।

author-image
Asomiya Pratidin
New Update
মহাৰাণী দ্বিতীয় এলিজাবেথৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰিমিয়াৰ লীগৰ খেল স্থগিত...

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে মৃত্যু হোৱা ৰাণী দ্বিতীয় এলিজাবেথৰ প্ৰতি সন্মান জনাই প্ৰিমিয়াৰ লীগে এই সপ্তাহৰ শেষৰফালে অনুষ্ঠিত হ'বলগীয়া সকলোবোৰ মেচ পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে অহা সোমবাৰে সন্ধিয়া অনুষ্ঠিত হ'বগীয়া খেলখনো পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Advertisment

"মহাৰাণী দ্বিতীয় এলিজাবেথৰ প্ৰতি শ্ৰদ্ধা জনাই, এই সপ্তাহৰ প্ৰিমিয়াৰ লীগৰ মেচ ৰাউণ্ড পিছুৱাই দিয়া হ'ব," ই এক বিবৃতিযোগে জানিবলৈ দিয়ে। লীগৰ অফিচিয়েল টুইটাৰ একাউণ্টত এই সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰিছে।

ৱেণ্টৱাৰ্থত অনুষ্ঠিত বিএমডব্লিউ পিজিএ চেম্পিয়নশ্বিপ গল্ফ ইভেণ্ট তৎক্ষণাৎ স্থগিত কৰা হয় আৰু শুকুৰবাৰৰ খেল বাতিল কৰা হয়, আনহাতে শুকুৰবাৰে ওভালত অনুষ্ঠিত হোৱা ইংলেণ্ড বনাম দক্ষিণ আফ্ৰিকা টেষ্ট খেল বাতিল কৰা হয়।

আৰু পঢ়ক : চতিয়া আৰক্ষীয়ে আটক কৰিলে ১০ মহীয়া পুত্ৰক হত্যা কৰা পিতৃক...

international india primiar league ellizabeth death