আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসম সন্তান...

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসম সন্তান...

ডিজিটেল ডেস্কঃ ক্ৰীড়াৰ ক্ষেত্ৰত পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিল অসম সন্তান। মালয়েছিয়াত অনুষ্ঠিত কুস্তি খেলত ৰূপৰ পদক অৰ্জন কৰি অসমৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে তেজপুৰৰ সন্তান প্ৰশান্ত তামুলীয়ে। আইএফয়ে আয়োজন কৰা বিশ্ব আৰ্ম কুস্তি চেম্পিয়নশ্বিপত এই পদক অৰ্জন কৰে খেলুৱৈগৰাকীয়ে।

উল্লেখ্য যে, বাওঁহাত কুস্তি প্ৰতিযোগিতাৰ মুকলি শ্ৰেণীত অংগ্ৰহণ কৰিছিল তেওঁ। প্ৰতিযোগিতাখনি বিগত ২৫ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰ ২০২৩লৈ মালয়েছিয়াৰ কুয়ালালামপুৰত অনুষ্ঠিত হয়।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসম সন্তান...
ধেমাজিৰ সংবাদ জগতৰ ভোটাতৰা, শিক্ষাবিদ, সাহিত্যিক গোবিন্দ চন্দ্ৰ মেদকৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in