ধেমাজিৰ সংবাদ জগতৰ ভোটাতৰা, শিক্ষাবিদ, সাহিত্যিক গোবিন্দ চন্দ্ৰ মেদকৰ মৃত্যু

মিছিং জনগোষ্ঠীৰ প্ৰবাদ পুৰুষ, ধেমাজিৰ সংবাদ জগতৰ ভোটাতৰা, শিক্ষাবিদ, সাহিত্যিক গোবিন্দ চন্দ্ৰ মেদকৰ মৃত্যুত বিভিন্ন সংগঠনৰ শোক প্ৰকাশঃ সহস্ৰাধিক গুণমুগ্ধই জনালে শেষ শ্ৰদ্ধাঞ্জলি...
ধেমাজিৰ সংবাদ জগতৰ ভোটাতৰা, শিক্ষাবিদ, সাহিত্যিক গোবিন্দ চন্দ্ৰ মেদকৰ মৃত্যু

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিৰ সংবাদ জগতৰ ভোটাতৰা, শিক্ষাবিদ, সাহিত্যিক গোবিন্দ চন্দ্ৰ মেদকৰ দেওবাৰে পুৱা চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু ঘটে৷ ১৯৬৭ চনত হেমবৰুৱা সম্পাদিত দৈনিক ইংৰাজী আছাম এক্সপ্ৰেছত ধেমাজিৰ স্থানীয় বাতৰি যোগনিয়াৰ হিচাপে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰা মেদকৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৯ বছৰ ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী হিৰণ্য মেদক, দুইপুত্ৰ গোপেশ মেদক, হিমাশু মেদক আৰু কন্যা ৰিদ্ধিৰাণী মেদকসহ বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায় ৷

বতৰ্মান ধেমাজি টঙনাপৰা গাঁৱৰ বাসিন্দা গোবিন্দ চন্দ্ৰ মেদকৰ জন্ম হৈছিল লখিমপুৰ জিলাৰ অন্তৰ্গত মেদক গাঁৱত ১৯৪৪ চনৰ ২ ফেব্ৰুৱাৰীত। ধেমাজি জিলা সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰথমজন প্ৰতিষ্ঠাপক সম্পাদক আৰু প্ৰতিষ্ঠাপক অধ্যাপক, ধেমাজি সৎসঙ্গৰ বিহাৰৰ প্ৰতিষ্ঠাপক আৰু ধেমাজিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ জন্মদাতা সমাজ সংগঠক গোবিন মেদক এজন অতি অমায়িক আৰু ভদ্ৰ প্ৰকৃতিৰ লোক আছিল ৷

গোবিন চন্দ্ৰ মেদকে ভাটি মেদক গাওঁ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ১৯৬০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত প্ৰৱেশিকা, লখিমপুৰ মহাবিদ্যালয়ৰ পৰা ১৯৬৪ চনত স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৭ চনত অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ উপৰি ১৯৬২ চনত 'অলটাৰ্নেটিভ মেডিচিন'ৰ এম.ডি. ডিগ্রী আহৰণ কৰে। ১৯৬৩ চনত লখিমপুৰ একাডেমীত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলি উত্তৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অর্থনীতি বিভাগৰ প্ৰতিষ্ঠাপক তথা মুৰব্বী অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ অন্তত ১৯৭২ চনত ধেমাজি মহাবিদ্যালয়ত অর্থনীতি বিভাগৰ শিক্ষক ৰূপে যোগদান কৰি মুৰব্বী অধ্যাপক হিচাপে ২০০৪ চনত অৱসৰ গ্ৰহণ কৰে ।

১৯৬৫ চনত দ্বিভাষিক আলোচনী ‘মিৰ-মিগল'ৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা মেদকে দি আসাম এক্সপ্ৰেছ কাকতৰ সংবাদদাতা আৰু ১৯৮৯ চনৰপৰা দি নৰ্থ ইষ্ট টাইম্‌চ কাকতৰ ধেমাজিৰ সংবাদদাতা হিচাপে সেৱা আগবঢ়ায়। ধেমাজি জিলা সাংবাদিক সংস্থাৰ ১৯৯১ চনত প্ৰতিষ্ঠা হোৱাৰ পাছত ২০০৭ লৈ ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতিৰ পদত কেইবাটাও কাৰ্যকালৰ বাবে নিৰ্বাচিত হৈছিল ৷ ১৯৮৪ চনত গঠন হোৱা ধেমাজি প্ৰেছ ক্লাবৰ জন্মলগ্নৰে পৰা কাৰ্যকৰী সদস্য, বর্তমান উপদেষ্টা পদত অধিষ্ঠিত আছিল ৷ তেওঁ ১৯৫-১৯৬১ চনত ধেমাজি জিলা মিছিং ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদকো আছিল ৷ ১৯৬৫-১৯৭০ চনত অসম অৰুণাচল মিছিং ছাত্ৰ সন্থাৰ কাৰ্যকৰী সদস্য আৰু ১৯৬২-১৯৬৫ উত্তৰ লখিমপুৰ মিছিং ছাত্র সম্মিলনৰ সভাপতি পদত অধিষ্ঠিত হৈছিল গোবিন চন্দ্ৰ মেদক ৷

১৯৬২ৰ পৰা সৎসঙ্গৰ সদস্য তথা সহ প্রতি ঋত্বিক আৰু সৎসঙ্গ মন্দিৰৰ তত্ত্বাৱধায়ক আছিল তেওঁ ৷ ১৯৭৮ ধেমাজি মিছিং বাংকে আগম কেবাঙৰ সভাপতি আৰু ১৯৮১-৮৫ মিছিং আগম কেবাঙৰ ট্ৰেজাৰাৰো আছিল মেদক ৷ ১৯৭৪-৭৫ মিছিং ভাষাৰ বাবে ৰোমান লিপি গ্ৰহণৰ নীতি নিৰ্ধাৰক ১১জনীয়া সমিতিৰ সদস্য আছিল । তদুপৰি ১৯৭৬ ধেমাজিৰ মিছিং পৰিন কেবাং আৰু কাংকিন কেবাঙৰ প্ৰতিষ্ঠাপক সভাপতি, ১৯৮৩-১৯৮৫ অসম চৰকাৰৰ মনোনীত ধেমাজি টাউন কমিটিৰ উপসভাপতি, ১৯৬৫-১৯৬৬ মিচিং জাতিৰ প্ৰথম দ্বিভাষিক আলোচনী মিৰ মিগমৰ সম্পাদক।

২০০৬-২০০৭ ধেমাজি টাউন আৰু কাণ্টি প্লেনিংৰ সদস্য, ১৯৯৮-২০০০ জিলা উন্নয়ন কমিতিখনৰ সদস্য, ২০১১ৰ পৰা প্ৰতিষ্ঠাপক সভাপতি ধেমাজি মিছিং কেবাং, ১৯৮২ৰ পৰা মুৰংঘৰ কমিটিৰ প্ৰতিষ্ঠাপক সম্পাদক, ১৯৯৬-৯৭ মিছিং বানে কেবাঙৰ অন্তৱর্তীকালীন সভাপতি, ২০১০-১১ মৰিঢল মহাবিদ্যালয়ৰ গভর্ণিং বডিৰ অন্তৱৰ্তীকালীন সভাপতি উপৰি পৰৱৰ্তী পূৰ্ণকালীন সভাপতি, ২০০৩-২০০৪ পালচ পলিঅ অভিযানত কেন্দ্ৰীয় চৰকাৰৰ মণিৰ জনেল অফিচাৰ, ভিজিটিং অফিচাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা ২০১১ ঢকুৱাখনা-ঘিলামৰা, ২০১৪ বৰদলনি-গোগামুখ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ মনোনীত বিষয় পাৰদৰ্শী সদস্য হিচাবে অধ্যাপক নিযুক্তি সাক্ষাৎকাৰৰ বাবে- চিলাপথাৰ, ধেমাজি, গোগামুখ, মৰিঢল, ধেমাজি বাণিজ্য, নর্থ বেংক কলেজ, ঢকুৱাখনা, উত্তৰ লখিমপুৰ কলেজ, বিহপুৰীয়া, নাওবৈচা কলেজৰ পৰিদৰ্শক আছিল।

এইজন শিক্ষাবিদ গোবিন মেদক ১৫০ বছৰীয়া বাতৰি কাকতৰ বিশিষ্ট সাংবাদিক হিচাপে ১৯৯৬ চনত সম্বৰ্ধনা, ১৯৯৫ চনত ধেমাজি জিলা সাংবাদিক সন্থাৰ দ্বাৰা সম্বৰ্ধনা, বিশিষ্ট শিক্ষাবিদ আৰু সমাজকর্মী হিচাবে ইণ্ডিয়ান মেডিকেল এছচিয়েচনৰ দ্বাৰা সম্বৰ্ধনা, ১৯৯৭ চনত গ্ৰহণ কৰা উপৰি ধেমাজি মহাবিদ্যালয়, কিৰণ প্ৰকাশন, ভাৰতীয় জাতীয় ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতি, ধেমাজি জিলা ছাত্ৰ সন্থা, ধেমাজি জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, শিক্ষক আৰু শিক্ষাবিদ হিচাপে বিভিন্ন সময়ত সম্বৰ্ধনা জনাইছিল ৷

এই মহান শিক্ষাবিদ তথা প্ৰসিদ্ধ সাংবাদিক তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ জন্মদাতাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাত শোকৰ ছাঁ পৰে। সন্ধিয়া ৬ বজাত তেখেতৰ নশ্বৰ দেহ ধেমাজিৰ টঙনাপৰাৰ গৃহত আহি পোৱা সময়ত সহস্ৰাধিক গুণমুগ্ধৰ লগতে ধেমাজি জিলা সাংবাদিক সংস্থা ,ধেমাজি প্ৰেছ ক্লাব, চিলাপথাৰ প্ৰেছ ক্লাব, ধেমাজি মহাবিদ্যালয়, ধেমাজি সৎসংগ বিহাৰ, পৰমানন্দ একাডেমী, ধেমাজি জিলা টি এম পি কে, ধেমাজি জিলা এম এম কে ধৰি জিলাৰ বিভিন্ন দল-সংগঠনে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ধেমাজিৰ সংবাদ জগতৰ ভোটাতৰা, শিক্ষাবিদ, সাহিত্যিক গোবিন্দ চন্দ্ৰ মেদকৰ মৃত্যু
মুকালমুৱাত ঘোগা গাঁও পঞ্চায়তৰ বিশেষ গাঁওসভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in