এছিয়ান পেৰা গেমছত অৱনী, প্ৰণৱৰ ঐতিহাসিক স্বৰ্ণ অৰ্জন...

এছিয়ান পেৰা গেমছত অৱনী, প্ৰণৱৰ ঐতিহাসিক স্বৰ্ণ অৰ্জন...

author-image
Asomiya Pratidin
New Update
এছিয়ান পেৰা গেমছত অৱনী, প্ৰণৱৰ ঐতিহাসিক স্বৰ্ণ অৰ্জন...

এছিয়ান পেৰা গেমছত অৱনী, প্ৰণৱৰ ঐতিহাসিক স্বৰ্ণ অৰ্জন...

ডিজিটিলে ডেস্কঃ চীনৰ হাংজৌত অনুষ্ঠিত হৈ থকা এছিয়ান পেৰা গেমছত ক্লাব থ্ৰো এফ ৫২ ইভেণ্টৰ তিনিওটা পদক ভৰতীয় খেলুৱৈয়ে জয় কৰিবলৈ সক্ষম হৈছে। এই ইভেণ্টত ভাৰতৰ প্ৰণৱ সুৰমাই সোণৰ পদক অৰ্জন কৰিছে।

Advertisment

ইয়াৰ পূৰ্বে ভাৰতৰ তাৰকা শ্বুটাৰ অৱনী লেখাৰাই ৰেকৰ্ড গঢ়ি প্ৰতিযোগিতাত বিজয় সাব্যস্ত কৰি সোণৰ পদক অৰ্জন কৰিছে। প্ৰতিযোগিতাখনত ২৯ বছৰীয়া সুৰমাই ৩০.০১ মিটাৰ থ্ৰোৰে এছিয়ান পেৰা ৰেকৰ্ড ভংগ কৰি স্বৰ্ণ অৰ্জন কৰিছে।

আনহাতে ধৰমবীৰে ২৮.৭৬ মিটাৰ থ্ৰো কৰি ৰূপৰ আৰু অমিত কুমাৰে ২৬.৯৩ মিটাৰ থ্ৰো কৰি ব্ৰঞ্জৰ পদক জয় কৰিছে। এই ইভেণ্টত কেৱল মাত্ৰ ৪ গৰাকী খেলুৱৈ আছিল। ইয়াৰে ছৌদি আৰৱৰ প্ৰতিযোগীগৰাকী চতুৰ্থস্থানত থাকে। তেওঁ ২৩.৭৭ মিটাৰ থ্ৰো কৰে।

উল্লেখ্য প্ৰণৱ সুৰমা ১৬ বছৰ বয়সতে এক দুৰ্ঘটনাৰ সন্মুখীন হৈ মেৰুদণ্ডত আঘাতপ্ৰাপ্ত হৈছিল। ইয়াৰ পিছতে তেওঁ পেৰা স্পৰ্টছত অংশগ্ৰহণ কৰে। ২৯ বছৰীয়া এই পেৰা এথলিটগৰাকীয়ে অসাধাৰণ কষ্ট আৰু সাধনাৰ বলত ইতপূৰ্বে ২০১৯ ৰ বেইজিং ৱৰ্ল্ড পেৰা এথলেটিকছ গ্ৰেণ্ড প্ৰিক্সত ইভেণ্টত অংশগ্ৰহণ কৰি ৰূপৰ পদক অৰ্জন কৰিছিল।

এফ ৫১ ক্লাব থ্ৰো ইভেণ্টত যিসকলক খেলুৱৈৰ কঁকাল, ভৰি আৰু হাতৰ চাল-চলনত প্ৰতিবন্ধকতা আছে তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰে। এই প্ৰতিযোগিতাত খেলুৱৈসকলে মুখ্যতঃ কান্ধ আৰু বাহুৰ জোৰত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

টকিঅ’পেৰা অলিম্পিকত সোণৰ পদক অৰ্জন কৰা ভাৰতৰ প্ৰথমগৰাকী এথলিট অৱনী লেখাৰাইও এছিয়ান গেমছত সেই ধাৰাবাহিকতা ৰক্ষা কৰি পুনৰ সোণৰ পদক অৰ্জন কৰিছে। অৱনীয়ে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছ এইচ-১ শ্ৰেণীত ২৪৯.৬ পইণ্ট অৰ্জনেৰে অভিলেখ গঢ়ি এই সাফল্য লাভ কৰিছে।

ইফালে প্ৰতিযোগিতাখনত মনু ঘাংগাছে পুৰুষৰ শ্বটপুটৰ এফ ১১ ইভেণ্টত ১২.৩৩ মিটাৰ প্ৰচেষ্টাৰে ব্ৰঞ্জৰ পদক জয় কৰিছে। একেদৰে প্ৰতিযোগিতাখনত আন ভাৰতীয় এথলিট ক্ৰমে প্ৰাচী যাদৱে ৰূপৰ পদক, জুডোত কপিল পাৰমাৰে পুৰুষৰ ৬০ কিলোগ্ৰাম শাখাত ৰূপৰ পদক, কোকিলাই মহিলাৰ ৪৮ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক, টাইকোৱাণ্ডত অৰুণাই ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।

Also Read: অষ্টমীৰ নিশা বিহপুৰীয়া নগৰত তাণ্ডৱ সৃষ্টি কৰা তিনি দুৰ্বৃত্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ...

এছিয়ান পেৰা গেমছ