/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/9820c92e-0ec4-4216-825e-5fa166d4c520/bihpuriya_23.jpg)
অষ্টমীৰ নিশা বিহপুৰীয়া নগৰত তাণ্ডৱ সৃষ্টি কৰা তিনি দুৰ্বৃত্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ...
ডিজিটেল সংবাদ বিহপুৰীয়া: মহাষ্টমীৰ নিশা বিহপুৰীয়া নগৰত তাণ্ডৱৰ সৃষ্টি কৰি ব্যৱসায়ী দম্পতীক প্ৰহাৰ কৰা তিনি দুৰ্বৃত্তক কৰায়ত্ব কৰিছে বিহপুৰীয়া আৰক্ষীয়ে। এই তিনিওগৰাকী ক্ৰমে নাৰায়ণপুৰ গোসাঁইবাৰীৰ পুলক শইকীয়া,অনুপম শইকীয়া আৰু অপূৰ্ব শইকীয়া।
তিনিওগৰাকীকে আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷ উল্লেখ্যে, অষ্টমীৰ নিশা বিহপুৰীয়া নগৰৰ ব্যৱসায়ী দম্পতী সঞ্জু ক্ষেত্ৰী আৰু কলাৱতী ক্ষেত্ৰীৰ লগতে বিষ্ণু ক্ষেত্ৰীক সাধাৰণ এটা কথাতে সুৰাপায়ী পাচঁ দুৰ্বৃত্তই ৰ’দ আৰু লাঠীৰে প্ৰহাৰ কৰি গুৰুতৰ ভাৱে আহত কৰিছিল ৷
নিশাই বিহপুৰীয়া আৰক্ষীয়ে তিনি দুৰ্বৃত্তক আটক কৰিছিল যদিও ভিৰৰ সুযোগ লৈ পলায়ন কৰিছিল আন দুই দুৰ্বৃত্তই। নিশা কৰায়ত্ব হোৱা তিনিও দুৰ্বৃত্তকে আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ইফালে এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ নগৰখনতে প্ৰতিক্ৰিয়া আব্যাহত আছে।
Also Read: আমেৰিকাৰ প্ৰবাসী অসমীয়া কিশোৰে পাহৰা নাই শিপা, মুকলি কৰিলে অসমীয়া গীত...