/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/c8482c85-6fee-4cba-9cf5-fd7a6f45794d/virat.jpg)
ডিজিটেল ডেস্কঃ পৰাজয়ৰ গ্লানি আঁতৰাই দুৰ্দান্ত প্ৰত্যাৱৰ্তন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ। আজি মোহালিত অনুষ্ঠিত হোৱা মেচখনত পাঞ্জাৱ কিংছৰ বিৰুদ্ধে ২৪ ৰানৰ ব্যৱধানত জয়লাভ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ।
এই বিজয়ৰ সুবাদত পইণ্ট তালিকাৰ অষ্টমস্থানৰ পৰা একেকোবে পঞ্চমলৈ উন্নীত ৰয়েল চেলেঞ্জাৰ্ছ। প্ৰথমে বেট ধৰি বিৰাট কোহলি আৰু অধিনায়ক ফাফ ডুপ্লেছিৰ অৰ্ধশতকৰ সহায়ত ৪টা উইকেটৰ বিনিময়ত বাংগালুৰুৱে ১৭৪ ৰান সংগ্ৰহ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/79ad9308-b063-4fb6-bd9f-56c20216acd8/collage_maker_20_apr_2023_07_05_am_8051_1681954550.jpg)
প্ৰত্য়ুত্তৰত পাঞ্জাৱ কিংছে ১৫০ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই। পাঞ্জাৱৰ উইকেট পতনৰ মূলতেই মহম্মদ ছিৰাজৰ বিধ্বঙসী বলিং। তেওঁ ৪ অ'ভাৰত ২১ ৰান খৰচ কৰি ৪টা উইকেট দখল কৰে। আজিৰ এই মেচখনত ছিৰাজে প্লেয়াৰ অৱ দা মেচৰ সন্মান লাভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/b8a4df93-33cf-43a2-84ec-d8851b5f3cbe/mizjvexn8gvb0yew_1681989700.webp)
Also Read: প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে পাঞ্জাৱৰ সন্মুখত ৰয়েল চেলেঞ্জাৰ্ছ : জয়ৰ আশাত দিল্লী কেপিটেছ