প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে পাঞ্জাৱৰ সন্মুখত ৰয়েল চেলেঞ্জাৰ্ছ : জয়ৰ আশাত দিল্লী কেপিটেছ

কলকাতাৰ বিৰুদ্ধে জয়লাভ কৰি পৰাজয়ৰ গ্লানি আঁতৰাব বিচাৰে ডেভিড ৱাৰ্ণাৰৰ দল দিল্লীয়ে

author-image
Asomiya Pratidin
New Update
প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে পাঞ্জাৱৰ সন্মুখত ৰয়েল চেলেঞ্জাৰ্ছ : জয়ৰ আশাত দিল্লী কেপিটেছ

ডিজিটেল ডেস্কঃ ধাৰাবাহিক পৰাজয়ৰে পইণ্ট তালিকাৰ অষ্টমলৈ অৱনমিত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। বিপৰিতে উত্থান হৈছে পাঞ্জাৱ কিংছৰ। ৬ পইণ্টৰে তালিকাৰ পঞ্চমস্থানত শিখৰ ধাৱনৰ দল।

Advertisment

আই পি এলৰ এখন গুৰুত্বপূৰ্ণ মেচত আজি ভাগ ল'ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু বনাম পাঞ্জাৱ কিংছ। আবেলি অনুষ্ঠিত হ'বলগা মেচখনৰ দ্বাৰা প্ৰত্যাৱৰ্তনৰ বাবে খেলপথাৰত নামিব ফাফ ডুপ্লেছি নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰ্ছ। ইফালে জয়ৰ ধাৰা অক্ষুন্ন ৰখাৰ মানসিকতাৰে শিখৰ ধাৱনৰ দলে ৰয়েল চেলেঞ্জাৰ্ছৰ মুখামুখি হ'ব।

আনহাতে আজি সন্ধিয়া অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আন এখন ৰোমাঞ্চকৰ মেচ। দিল্লী কেপিটেলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ। চলিত বৰ্ষৰ আই পি এলত এখনো মেচত জয়ৰ মুখ নেদেখা দিল্লী কেপিটেলছে তালিকাৰ একেবাৰে শেষৰ স্থানত। তাৰ বিপৰিতে নাইট ৰাইডাৰ্ছ ৪ পইণ্টৰে সপ্তমস্থানত আছে।

কলকাতাৰ বিৰুদ্ধে জয়লাভ কৰি পৰাজয়ৰ গ্লানি আঁতৰাব বিচাৰে ডেভিড ৱাৰ্ণাৰৰ দল দিল্লীয়ে।

Also Read: কোন আছিল অন্নদা গোঁহাই?

IPL 2023