/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/9030e1d5-a9e5-41cd-a935-389c75cf0ec4/130.jpg)
ডিজিটেল ডেস্ক : প্ৰেমৰ চহৰ পেৰিছত আৰম্ভ হৈছে অলিম্পিক গেমছ। পিছে অলিম্পিক আৰম্ভ হোৱাৰ লগে লগে চিন্তাত পৰিছে আয়োজক। কিয়নো ক’ভিডত আক্ৰান্ত হৈছে ৫গৰাকী খেলুৱৈ।
আন্তঃৰাষ্ট্ৰীয় বাতৰি সংস্থাৰ খবৰ অনুসৰি অষ্ট্ৰেলিয়াৰ মহিলা ৱাটাৰ প’ল’ দলৰ ৫গৰাকীকৈ খেলুৱৈ সম্প্ৰতি কোৰোনাত আক্ৰান্ত হৈছে। সম্পূৰ্ণ সুস্থ হোৱাৰ পাছতহে তেঁওলোকে অনুশীলন আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে।
পোহৰলৈ অহা তথ্য অনুসৰি ক’ভিডত সংক্ৰমিত হৈয়ে অষ্ট্ৰেলিয়া দলৰ দুজন খেলুৱৈ পেৰিছলৈ আহিছিল। পুৰুষৰ ৱাটাৰ প’ল’ দলৰ দুই সদস্যই জ্বৰ লৈ পেৰিছৰ বিমানত উঠিছিল।
দুয়োগৰাকী খেলুৱৈৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাছতহে পোহৰলৈ আহে তেঁওলোকৰ দেহত ক’ভিড পজিটিভৰ উপস্থিতি। ইতিমধ্যে দুয়োগৰাকী খেলুৱৈক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে বিভাগীয় কৰ্তৃপক্ষই। ইয়াৰ পাছতে মহিলা দলৰ ৫গৰাকী খেলুৱৈ কোৰোনাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ক’ভিডৰ বাবে ২০২০ত অলিম্পিক আয়োজন কৰিব পৰা নাছিল জাপানে। ২০২১ চনত অনুষ্ঠিত হৈছিল টকিঅ’ অলিম্পিক।
Also Read: আজিৰে পৰা এ পি এছ চিৰ মূল পৰীক্ষা : কিমানটা পদৰ বাবে কিমান গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব জানক সবিশেষ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us