আজিৰে পৰা এ  পি এছ চিৰ মূল পৰীক্ষা : কিমানটা পদৰ বাবে কিমান গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব জানক সবিশেষ

আজিৰে পৰা এ  পি এছ চিৰ মূল পৰীক্ষা : কিমানটা পদৰ বাবে কিমান গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব জানক সবিশেষ

author-image
Asomiya Pratidin
New Update
ভুল উত্তৰেৰে প্লেনিং এণ্ড ডেভেলপমেন্ট  বিভাগৰ ৩৯পদৰ বাবে ফলাফল ঘোষণা এ পি এছ চিৰ…

ডিজিটেল ডেস্ক : আজিৰে পৰা আৰম্ভ হ’ব অসম লোকসেৱা আয়োগৰ মূল পৰীক্ষা। এই পৰীক্ষা ২৩৫টা পদৰ বাবে অনুষ্ঠিত হ’ব। এই পৰীক্ষাত ২,৮২১ জন প্ৰাৰ্থী অৱতীৰ্ণ হ’ব।

Advertisment

উল্লেখযোগ্য যে ২৩৫পদৰ ভিতৰত অসামৰিক সেৱাৰ বাবে আছে ৪৫টা পদ। একেদৰে আৰক্ষী সেৱাৰ বাবে ৩৫টা, বিত্ত সেৱাৰ বাবে ১৩টা, এ এ অ’ পদৰ বাবে ১০৭টা, ইন্সপেক্টিং অডিটৰ বাবে ১১টা পদ।

ইয়াৰোপৰি কৰ অধীক্ষকৰ বাবে আছে ১টা পদ। একেদৰে আবকাৰী অধীক্ষকৰ বাবে ১টা, বি ডি অ’ৰ বাবে ৬টা, এ আৰ চি এছৰ বাবে ৪টা, কৰ পৰিদৰ্শকৰ বাবে ৪টা সমসংখ্যক পদ শ্ৰম পৰিদৰ্শকৰ বাবেও।

আনহাতে সহকাৰী নিয়োগ বিষয়াৰ পদৰ বাবে ১টা আৰু উপ পঞ্জীয়ক পদৰ বাবে ৩টা পদ ধাৰ্য্য কৰা হৈছে।

Also Read: ভাল খবৰ : ইংৰাজীৰ উপৰি প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত অনুষ্ঠিত হ'ব এ পি এছ চি পৰীক্ষা...

apsc