/asomiyapratidin/media/media_files/2024/11/19/2QEy3QvBuok0uQaEOH4A.jpg)
ডিজিটেল সংবাদ যোৰহাটঃ যোৰহাট চাইন ষ্টাৰ যোগা আৰু মেডিটেচন চেণ্টাৰ আৰু যোৰহাট পি বি এম পি যোগা আৰু ফিটনেছ চেণ্টাৰৰ উদ্যোগত যোৰহাট শঙ্কৰদেৱ কলা কৃষ্টি গৱেষণা কেন্দ্রত ২০ নৱেম্বৰত এদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত পেৰা (দিব্যাংগ) যোগাসন ক্রীড়া প্রতিযোগিতা এখনি আয়োজন কৰিছে।
অসমৰ সমূহ পেৰা খেলুৱৈক এখন মঞ্চত একটিত কৰা লগতে খেলুৱৈসকলক উৎসাহ আৰু মনোবল বৃদ্ধি কৰাৰ লক্ষ্যৰে আয়োজন কৰা প্ৰতিযোগিতাখনি উক্ত দিনা পুৱা দহ বজাৰ পৰা আৰম্ভ হ’ব। প্ৰতিযোগীসকলৰ যোগদান সম্পূৰ্ণ বিনামূলীয়া বুলি আয়োজক সমিতিয়ে লগতে জনিবলৈ দিয়ে।