৪৮ ঘন্টাও তিষ্ঠি নাথাকিল পাকিস্তানৰ এদিনীয়া ক্ৰিকেটৰ ৰাজত্ব

৪৮ ঘন্টাও তিষ্ঠি নাথাকিল পাকিস্তানৰ এদিনীয়া ক্ৰিকেটৰ ৰাজত্ব

ডিজিটেল ডেস্ক : শুকুৰবাৰে নিশা চতুৰ্থ এদিনীয়াত নিউজিলেণ্ডক পৰাস্ত কৰি আই চি চিৰ এদিনীয়া ৰেংকিঙৰ শীৰ্ষস্থান দখল কৰিছিল পাকিস্তানে । প্ৰথমবাৰৰ বাবে এদিনীয়াৰ শীৰ্ষস্থান দখল কৰি হৰ্ষোল্লিত হৈ পৰিছিল দলটিৰ সৈতে সমগ্ৰ দেশবাসী । কিন্তু দুৰ্ভাগ্যবশত: ৪৮ ঘন্টাৰ বাবেও দলটিয়ে তিষ্ঠিব নোৱাৰিলে শীৰ্ষস্থানত । দেওবাৰে নিশা একেটি দলৰ সৈতে হোৱা পঞ্চম এদিনীয়াত অৱতীৰ্ণ হৈ পৰাস্ত হৈছিল বাবৰ আজমৰ নেতৃত্বাধীন দলটো । যাৰ সৈতেই শীৰ্ষস্থানো হেৰুৱাই দলটিয়ে ।

বিগত ২১ বছৰত কোনো দলেই ইমান কম সময়ৰ বাবে শীৰ্ষস্থান দখল কৰা নাছিল এদিনীয়া ক্ৰিকেটত । অৱশ্যে চলিত বৰ্ষৰেই জানুৱাৰীত শীৰ্ষস্থান দখল কৰিছিল ইংলেণ্ডে আৰু তিনি দিন পাছত সেই স্থান গৈছিল ভাৰতৰ হাতলৈ । এতিয়া পাকিস্তানক অৱনমিত কৰি শীৰ্ষস্থান দখল কৰিছে অষ্ট্ৰেলিয়াই ।

আনহাতে, দেওবাৰৰ বিজয়ৰ সৈতে নিউজিলেণ্ডে নিজকে হুৱাইট ৱাশ্বৰ পৰা ৰক্ষা কৰাৰ ওপৰিও শীৰ্ষস্থানৰ পৰা অৱনমিত কৰিলে পাকিস্তানক ।

৪৮ ঘন্টাও তিষ্ঠি নাথাকিল পাকিস্তানৰ এদিনীয়া ক্ৰিকেটৰ ৰাজত্ব
ৰিয়েল মাদ্ৰিদ নে মানচেষ্টাৰ চিটি ? কাৰ সপোন ফলিয়াব ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in