ৰিয়েল মাদ্ৰিদ নে মানচেষ্টাৰ চিটি ? কাৰ সপোন ফলিয়াব ?

ৰিয়েল মাদ্ৰিদ নে মানচেষ্টাৰ চিটি ? কাৰ সপোন ফলিয়াব ?

ডিজিটেল ডেস্ক : এফালে চেম্পিয়নছ লীগৰ অঘোষিত সম্ৰাট, আনফালে অশ্বমেধত ওলোৱা তীব্ৰ বেগী এটা ঘোৰা । দুয়োটাই সমান পৰাক্ৰমে এফালৰ পৰা তচনচ কৰি নিছে আন দলবোৰৰ সপোন । সকলোৱে ভাবিছিল হয়তো ফাইনেলত সন্মুখীন হ'ব দুয়োটা দল । এনেই চেম্পিয়নছ লীগ, তাতে এনে এখন ফাইনেল উপভোগ কৰিবলৈ পালে ঐতিহাসিক হৈ পৰিব ভৱিষ্যতৰ বাবে । কিন্তু তেনে নহ'ল । বৰং ছেমি ফাইনেলতেই সন্মুখীন হ'ব দলদুটি । ফলত ফাইনেলতকৈও বেছি আকৰ্ষণীয় হৈ পৰিল ছেমি ফাইনেল ।

১০ মে'ত নিশা ১২.৩০ বজাত ছেমিফাইনেলৰ প্ৰথম লেগত সন্মুখীন হ'ব ৰিয়েল মাদ্ৰিদ আৰু মানচেষ্টাৰ চিটি । খেল হ'ব ৰিয়েল মাদ্ৰিদৰ ঘৰুৱা খেলপথাৰত । যাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিব লাগিব দলটিয়ে । অন্যথা দ্বিতীয় লেগত সেই সুযোগ যে পাব তাৰ আশা কম । কেৱল সেয়াই নহয় একালৰ চেম্পিয়নছ লীগৰ সম্ৰাট ৰিয়েল মাদ্ৰিদতকৈ মানচেষ্টাৰ চিটি বৰ্তমান বহু ক্ষেত্ৰত শক্তিশালী ।

ৰিয়েল মাদ্ৰিদৰ ডিফেন্স পূৰ্বৰে পৰাই শক্তিশালী যদিও বৰ্তমান মানচেষ্টাৰ চিটিৰ ফৰৱাৰ্ড অন্য এক ছন্দত আছে । আৰ্লিং হালাণ্ডক শেষ মুহুৰ্তত ভৰিত বল তুলি দিবলৈ সকলো প্ৰকাৰে সাজু হৈ উঠিছে চিটিৰ মিডফিল্ড । মুঠতে পেনাল্টী বক্সৰ ওচৰে পাজৰে হালাণ্ড থকা মানেই বিপদ ৰিয়েলৰ বাবে । আনহাতে, ৰিয়েলৰ আক্ৰমণ শৈলী কিছু বেলেগ চিটিতকৈ । চিটিৰ বেহু ভেদ কৰি গ'ল কৰাটো বৰ বিশেষ টান নহয় ৰিয়েলৰ বাবে । কিন্তু তাৰ বাবে অতিক্ৰম কৰিব লাগিব মিডফিল্ড ।

মুঠতে সকলো দিশৰ পৰাই আকৰ্ষণীয় হৈ উঠিব এই ছেমি-ফাইনেল, যি সমগ্ৰ বিশ্বই মনত ৰাখিব বহু বছৰলৈ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in