/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c0cfe4f3-83c9-4f22-9536-ae6886c01edd/virat_27.jpg)
১৫ অক্টোবৰত আহমেদাবাদত হ'ব ভাৰত-পাকিস্তানৰ মহাযুদ্ধ...
ডিজিটেল ডেস্কঃ প্ৰকাশ পালে এদিনীয়া বিশ্বকাপৰ সময়সূচী। সেই অনুসৰি ৫ অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া প্ৰতিযোগিতাখনত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৮ অক্টোবৰত বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব।
বিশ্বকাপত ভাৰতৰ পাকিস্তানৰে মুখামুখী হ'ব ১৫ অক্টোবৰত। বহু প্ৰত্যাশিত আৰু উত্তেজনাপূৰ্ণ এই মেচখন অনুষ্ঠিত হ'ব আহমেদাবাদত। এই মেচখনক লৈ ইতিমধ্যে দুয়ো দেশৰ ক্ৰিকেট অনুৰাগীৰ মাজত আৰম্ভ হৈছে চৰ্চা।
বিশ্বকাপৰ ইতিহাসত পাকিস্তান ভাৰতৰ সন্মুখত দিশহাৰা হৈছে যদিও যোৱা টি-২০ বিশ্বকাপত পাকিস্তানৰ হাতত বিধ্বস্ত হৈছিল ভাৰত। অৱশ্যে সেই একেখন বিশ্বকাপতে দ্বিতীয়বাৰৰ ভাৰত পাকিস্তানৰে মুখামুখী হোৱাত বিৰাট কোহলিয়ে অকলেই পাকিস্তানৰ প্ৰতিজন বলাৰকে নিৰ্দয় ভাৱে প্ৰহাৰ কৰি পাকিস্তানক টুৰ্ণামেণ্টখনৰ পৰা বাহিৰ কৰিছিল।
ইফালে বিশ্বকাপৰ পূৰ্বেই পাকিস্তানে বিশ্বকাপক কেন্দ্ৰ কৰি বিভিন্ন বিতৰ্কৰ সূচনা কৰিছে। তেওঁলোকে ভাৰতত কোন কোন ষ্টেডিয়ামত খেলিব বিচাৰে তাৰো তালিকা দিছিল।
অৱশ্যে বি চি আই আৰু আই চি চিয়ে পি চি বিৰ সেই তালিকা অগ্ৰাহ্য কৰিছে। উল্লেখ্য যে, ভাৰতে বিশ্বকাপৰ প্ৰথমখন মেচ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলাৰ পাছত ক্ৰমে আফগানিস্তান, পাকিস্তান, বংলাদেশ, নিউজিলেণ্ড, ইংলেণ্ড, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/2d78ad31-534f-48f6-91fb-fc20ca14684d/FznKIWWWwAMwhus.jpg)
Looking forward for an exciting @ICC #CWC2023 as Dharamshala @himachalcricket gets the opportunity to host this prestigious tournament for the first time ever in World’s most beautiful stadium and finals at World’s biggest #narendramodistadium @BCCI @ianuragthakur https://t.co/FAUspGJ8Jl
— Thakur Arun Singh (@ThakurArunS) June 27, 2023
Also Read: ন্যায়িক কৰ্মচাৰীৰ কৰ্মবিৰতিত স্তব্ধ মাৰ্ঘেৰিটা মহকুমা ন্যায়িক ব্যৱস্থা...