ন্যায়িক কৰ্মচাৰীৰ কৰ্মবিৰতিত স্তব্ধ মাৰ্ঘেৰিটা মহকুমা ন্যায়িক ব্যৱস্থা...

ন্যায়িক কৰ্মচাৰীৰ কৰ্মবিৰতিত স্তব্ধ মাৰ্ঘেৰিটা মহকুমা ন্যায়িক ব্যৱস্থা...
ন্যায়িক কৰ্মচাৰীৰ কৰ্মবিৰতিত স্তব্ধ মাৰ্ঘেৰিটা মহকুমা ন্যায়িক ব্যৱস্থা...

ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ আজি সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ আহ্বানমৰ্মে ন্যায়িক কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰাত স্তব্ধ হৈ পৰে ন্যায়ালয়ৰ ন্যায়িক ব্যৱস্থা। চেট্ৰী কমিচনৰ পৰামৰ্শৱলী কাৰ্যকৰী নকৰাৰ প্ৰতিবাদ স্বৰূপে আজি সমগ্ৰ অসমতে ন্যায়িক কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰে।

মাৰ্ঘেৰিটাতো সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ আহ্বানমৰ্মে মাৰ্ঘেৰিটা মহকুমা ন্যায়িক গোটেও দিনযোৰা কৰ্মবিৰতি পালন কৰে। ন্যায়িক কৰ্মচাৰীসকলৰ এই অসহযোগৰ ফলত মাৰ্ঘেৰিটা ন্যায়িক ব্যৱস্থা সম্পূৰ্ণ ৰূপে স্তব্ধ হৈ পৰে।

কৰ্মচাৰীসকলৰ মূল দাৱীসমূহ হৈছে-

  • মাননীয় চেট্টী আয়োগৰ পৰামৰ্শ অনুসৰি অসমৰ ন্যায়িক কৰ্মচাৰীৰ সেৱা বিধি (Service Rule) প্ৰকাশ কৰা ।

  • Bench Clerk Grade I, II, III পদ আজিলৈকে সৃষ্টি কৰা।

  • পদোন্নতিৰ ক্ষেত্ৰত ২৫ শতাংশ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক সুবিধা দিয়া।

  • ষ্টেন'গ্ৰাফাৰ, গাড়ীচালক, ৰেকৰ্ড কীপাৰ আদি কৰ্মচাৰীসকলৰ বিশেষ বানচ (Spl. Allowance) প্ৰদান কৰা।

  • লোক আদালতৰ কামত নিযুক্ত কৰ্মচাৰীক মূল বেতনৰ ৫ শতাংশ হাৰত পাৰিতোষিক প্ৰদান কৰা।

  • ROP, 2017 ত ন্যায়িক কৰ্মচাৰীৰ দৰমহা গাঁথনি অন্তৰ্ভুক্ত কৰা।

  • অসমৰ মটৰ দুৰ্ঘটনা দাবী নিষ্পত্তি ন্যায়াধীকৰণৰ কাৰ্যালয়ত মুখ্য সহায়ক পদ, বিভিন্ন আদালত কাৰ্যালয়ত গাণনিক, প্রট'কল অফিচাৰ আদি পদ সৃষ্টি কৰা।

  • মুখ্য ন্যায়িক দণ্ডাধীশ কাৰ্যালয়ৰ মুখ্য সহায়কৰ দৰমহা জিলা ন্যায়াধীশ কাৰ্যালয়ৰ মুখ্য সহায়কৰ সমপৰ্যায় কৰা।

  • পদ অনুসৰি স্নাতক হাৰত দৰমহা প্ৰদান কৰা।

  • চতুৰ্থ শ্ৰেণীৰ একাংশ কৰ্মচাৰী (পিয়ন, চকীদাৰ) কৰ্মচাৰীক আৰম্ভণিৰে পৰা গ্রেড পে প্ৰতিমাহে ৩৯০০/-ৰ ঠাইত ৪৪০০/- টকা ধাৰ্য কৰা।

  • ন্যায়িক কৰ্মচাৰীৰ বিসংগতি পূৰ্ণ দৰমহা গাঁঠনি ঠিক কৰা।

  • জাৰিকাৰকসকলৰ স্থায়ী ভ্ৰমণ বানচ (Fixed TA) বৃদ্ধি কৰা।

  • ন্যায়িক বিষয়াসকলৰ দৰে ন্যায়িক কৰ্মচাৰীৰ সকলৰো চিকিৎসা ব্যয় উভতাই পোৱা (Medical Reimbursement)ৰ ব্যৱস্থা কৰা আদি।

ন্যায়িক কৰ্মচাৰীৰ কৰ্মবিৰতিত স্তব্ধ মাৰ্ঘেৰিটা মহকুমা ন্যায়িক ব্যৱস্থা...
চলাবনে ফেন, জ্বলাবনে লাইট- চাই ল'ব 'দিন' নে 'ৰাতি'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in