টেনিছ জগতৰ সম্ৰাট ফেডাৰাৰ, নাডাল নহয়, হয় জক'ভিচ...

টেনিছ জগতৰ সম্ৰাট ফেডাৰাৰ, নাডাল নহয়, হয় জক'ভিচ...

ডিজিটেল ডেস্ক : টেনিছ জগতৰ সম্ৰাট কোন ? ফুটবল, ক্ৰিকেট, বাস্কেটবল, গল্ফ আদিৰ দৰে খেলত এই বিষয়ৰ বিতৰ্ক অথবা উত্তৰ সহজলভ্য । ক'ৰ'বাত যদি পেলে, ক'ৰ'বাত শচীন, ক'ৰ'বাত মাইকেল জৰ্দান আৰু ক'ৰ'বাত টাইগাৰ উডছ । কিন্তু টেনিছৰ ক্ষেত্ৰত এনে নহয় । পুৰুষৰ টেনিছত দুজনকৈ খেলুৱৈয়ে দমন কৰি আহিছিল সমগ্ৰ বিশ্বক । সেই দুজন আছিল ক্ৰমে ফেডাৰাৰ আৰু নাডাল । কিন্তু তাৰ সৈতেই উত্থান ঘটিছিল আন এজন খেলুৱৈৰ । ছাৰ্বিয়াৰ এই খেলুৱৈগৰাকীৰ নাম আছিল জক'ভিছ ।

জক'ভিছৰ উত্থান সম্পৰ্কে নিশ্চিত আছিল নাডাল আৰু ফেডাৰাৰো । অৱশেষত সেয়াই হ'ল । ২৩টাকৈ গ্ৰেণ্ড শ্লেম জিকি টেনিছ জগতৰ অবিসম্বাদী সম্ৰাট হ'ল জক'ভিচ । এইয়া হৈছে তেওঁৰ তৃতীয়টো ফ্ৰান্স অ'পেন খিতাপ । ইয়াৰ পূৰ্বে ২০১৬ আৰু ২০২১ত ৰোলাঁ গাৰোৰ ৰঙচুৱা মাটিত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছিল জক'ভিচে । বৰ্তমানলৈ তিনিট‍া ফ্ৰান্স অ'পেনৰ সৈতেই দহটা অষ্ট্ৰেলিয়ান অ'পেন, সাতটা উইম্বলডন আৰু তিনিটা ইউ এছ অ'পেনৰ খিতাপ আছে জক'ভিচৰ দখলত ।

এই খিতাপৰ সৈতেই জক'ভিচে পিছ পেলাই আহিল ফেডাৰাৰ আৰু নাডালক । এতিয়া যেন টেনিছ জগতৰ এজনেই সম্ৰাট আৰু সেইয়া হৈছে ২৩টাকৈ গ্ৰেণ্ড শ্লেমেৰে জক'ভিচ ।

টেনিছ জগতৰ সম্ৰাট ফেডাৰাৰ, নাডাল নহয়, হয় জক'ভিচ...
আম আদমি পাৰ্টীৰ বিৰুদ্ধে নতুন পৰিকল্পনা বিজেপিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in