আম আদমি পাৰ্টীৰ বিৰুদ্ধে নতুন পৰিকল্পনা বিজেপিৰ

আম আদমি পাৰ্টীৰ বিৰুদ্ধে নতুন পৰিকল্পনা বিজেপিৰ

ডিজিটেল ডেস্ক : দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালৰ নৱনিৰ্মিত চৰকাৰী আৱাসগৃহ সন্দৰ্ভত আৰম্ভণিৰে পৰাই আপত্তি জনাই আহিছিল বিজেপিয়ে । সততেই দুৰ্নীতিমুক্ত তথা নিকা চৰকাৰ এখনৰ কথা কৈ অহা কেজৰিৱালে এক বৃহৎ পৰিমাণৰ ধন ব্যয় কৰি এক আৱাসগৃহ নিৰ্মাণ কৰা বুলি অভিযোগ উত্থাপন হৈছিল চৌদিশে । প্ৰথমে প্ৰায় ৪২ কোটি টকা ব্যয় সাপেক্ষে এই গৃহ নিৰ্মাণ কৰা বুলি উঠা অভিযোগৰ পাছত পৰৱৰ্তী সময়ত এই ধনৰ পৰিমাণ হয়গৈ ৫২ কোটি টকা ।

যদিহে এই অভিযোগ সত্য তেন্তে ভাৰতৰ দৰে এখন তৃতীয় বিশ্বৰ দেশত মুখ্যমন্ত্ৰীৰ চৰকাৰী আৱাসগৃহৰ নামৰ ৫২ কোটি টকা খৰচ কৰাতো নিশ্চয়কৈ দুৰ্ভাগ্যজনক কথা । কিন্তু তাৰ অন্তৰালত হেজাৰ হেজাৰ কোটি টকীয়া কেলেংকাৰীসমূহ লুকাই পৰাতোও কাম্য নহয় ।

তেনে সময়তেই, ভাৰতীয় জনতা পাৰ্টীয়ে অৰৱিন্দ কেজৰিৱাল তথা আম আদমি পাৰ্টীৰ বিৰুদ্ধে আৰম্ভ কৰিলে এক নতুন পৰিকল্পনা । এই পৰিকল্পনা অনুসৰি, দিল্লীৰ বিজেপি নেতা তথা কৰ্মকৰ্তাসকলে কেজৰিৱালৰ নৱনিৰ্মিত আৱাসগৃহটোৰ সৈতে চেলফি উঠি সামাজিক মাধ্যমত প'ষ্ট কৰিব লাগিব । এই পৰিকল্পনাটোৰ নাম দিয়া হৈছে "দুৰ্নীতিৰ ৰাজপ্ৰসাদৰ সৈতে চেলফি" অথবা "#SelfieWithCorruptionKaRajmahal ।

দিল্লী বিজেপিৰ বিষয়াসকলৰ মতে, এই পৰিকল্পনাই সমগ্ৰ দেশত অৰৱিন্দ কেজৰিৱালৰ চৰকাৰী আৱাসগৃহৰ নামত হোৱা কেলেংকাৰীৰ কথা উদঙাই দিব । এতিয়া আগন্তুক সময়ে ক'ব এই পৰিকল্পনাই দেশত কোনো ধনাত্মক পৰিৱৰ্তন লৈ আনে নে কেৱল এক সস্তীয়া পদক্ষেপ হৈ ৰৈ যায় ।

আম আদমি পাৰ্টীৰ বিৰুদ্ধে নতুন পৰিকল্পনা বিজেপিৰ
১০ বছৰত কেৱল ব্যৰ্থতা দেখিলে ভাৰতীয় দলে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in