উত্তৰ-পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ আন্তঃক্লাব ফুটবলত চেঙেলীআটি যুৱক সংঘ চেম্পিয়ন...

উত্তৰ-পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ আন্তঃক্লাব ফুটবলত চেঙেলীআটি যুৱক সংঘ চেম্পিয়ন...

author-image
Asomiya Pratidin
New Update
উত্তৰ-পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ আন্তঃক্লাব ফুটবলত চেঙেলীআটি যুৱক সংঘ চেম্পিয়ন...

উত্তৰ-পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ আন্তঃক্লাব ফুটবলত চেঙেলীআটি যুৱক সংঘ চেম্পিয়ন...

ডিজিটেল সংবাদ যোৰহাটঃ উত্তৰ-পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ আন্তঃক্লাব ফুটবল নক আউট কাম লীগ প্ৰতিযোগিতাখনত চেঙেলীআটি যুৱক সংঘই চেম্পিয়ন খিতাপ অৰ্জন কৰিছে। উত্তৰ-পশ্চিম যোৰহাটৰ বেলগুৰি জনজাতি হাইস্কুলৰ খেলপথাৰত চ'গুৰি যুৱ সংঘ আৰু চেঙেলীআটি যুৱক সংঘৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলখনত ১-০ গ'লৰ ব্যৱধানত চেঙেলীআটি যুৱক সংঘই জয়লাভ কৰে।

Advertisment

আজিৰ খেলখনত খেলৰ প্ৰথমাৰ্ধৰ ১২ মিনিটতে চেঙেলীআটি দলৰ হৈ মঞ্জিত শইকীয়াই এটা দি দলটোক আগুৱাই ৰাখে। তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত দ্বিতীয়াৰ্ধৰত দুইটা দলে এটাও গ'ল দিব নোৱাৰিলে আৰু খেলখন ১-০ গ'লত সমাপ্ত হয়।

Also Read: চিৰাঙৰ কাজলগাঁৱত আৰ এম চিৰ সংবাদ মেলঃ হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ...

খেলখনত শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে চ'গুৰি যুৱ সংঘ‌‌‌ দলৰ মনোৰঞ্জন টায়ুঙে। চেম্পিয়ন দলক বঁটা প্ৰদান কৰে ৩৯ নং গাঁও পঞ্চায়তৰ সভাপতি মিনাশ্ৰী দলে পাতিৰে আৰু ৰাণাৰ আপ দলক বঁটা প্ৰদান কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ নিপেণ দেউৰীয়ে।

খেলখন পৰিচালনা কৰে পৱন পাঠকে লাইনত সহায় কৰে ত্ৰিনুজ বৰা আৰু অনিল শইকীয়াই চতুৰ্থ পৰাণ শইকীয়াই।

ফুটবল