চিৰাঙৰ কাজলগাঁৱত আৰ এম চিৰ সংবাদ মেলঃ হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ...

চিৰাঙৰ কাজলগাঁৱত আৰ এম চিৰ সংবাদ মেলঃ হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ...
চিৰাঙৰ কাজলগাঁৱত আৰ এম চিৰ সংবাদ মেলঃ হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ...

ডিজিটেল সংবাদ চিৰাংঃ বি টি আৰ এলেকাত জনজাতি বেষ্টনী আৰু আবেষ্টনী বেদখলমুক্ত কৰাৰ নামত কেৱল ধৰ্মীয় সংখ্যালঘু লোককে হাৰাশাস্তি কৰা হৈছে । ইয়াৰ বাৱে একমাত্ৰ দায়ী বি টি চিৰ পূৰ্বৰ শাসক তথা প্ৰাক্তন বি টি চি মুৰব্বী হাগ্ৰামা মহিলাৰী।

আজি চিৰাঙৰ কাজলগাঁৱত ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ আৰ এম চিৰ সভাপতি আব্দুল আওৱাল মণ্ডলে এক সংবাদমেলৰ আয়োজন কৰি এই গুৰুতৰ অভিযোগ উত্থাপন কৰে । তেখেতে কয় যে, প্ৰদ্যুৎ কুমাৰ বৰা নামৰ এজন ব্যক্তিয়ে বি টি আৰ এলেকাৰ জনজাতি বেষ্টনী আৰু আবেষ্টনীসমূহ অজনজাতি লোকৰ দ্বাৰা বেদখল হৈ আছে আৰু সেই জনজাতি বেষ্টনী আৰু আবেষ্টনীসমূহ বেদখলমুক্ত কৰিবলৈ ২০১২ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত এক জনস্বাৰ্থ জড়িত আৱেদন দাখিল কৰিছিল ।

বি টি আৰ এলেকাত জনজাতি বেষ্টনী আৰু আবেষ্টনীসমূহ অজনজাতি লোকৰ দ্বাৰা বেদখল হৈ থকা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে বিটিচি প্ৰশাসনৰ পৰা বিতং তথ্য বিচাৰিছিল সেইমৰ্মে ২০১৯ চনৰ ৮ নৱেম্বৰ তাৰিখে তদানীন্তন বি টি চি প্ৰশাসনে উক্ত শপতনামাত বি টি এডি এলেকাৰ ১৯ টা জনজাতি বেষ্টনী আৰু আবেষ্টনীত মুঠ ১ লাখ ১ হেজাৰ ৭২৩ গৰাকী লোকে বেদখল কৰি আছে।

তাৰে ভিতৰত ৮৩ হেজাৰ ৭৫৬ গৰাকী সংৰক্ষিত শ্ৰেণীৰ লোক আৰু অসংৰক্ষিত শ্ৰেণীৰ ১৭ হেজাৰ ৪০৭ গৰাকী লোক আছে বুলি উল্লেখ কৰিছিল। এতিয়া মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে তদানীন্তন বি টি চি প্ৰশাসন অৰ্থ্যাৎ হাগ্ৰামা মহিলাৰীৰ চৰকাৰৰ দ্বাৰা দাখিল কৰা শপতনামাৰ ভিত্তিতে বেদখলমুক্ত কৰাৰ নিৰ্দেশ জাৰি কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সেই নিৰ্দেশৰ ওপৰত ভিত্তি কৰিয়েই ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা জনজাতি বেষ্টনী আৰু আবেষ্টনী এলেকাত বসবাস কৰা লোকসকলক উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে। আৰ এম চিৰ সভাপতি জনে প্ৰশ্ন উত্থাপন কৰে ২০১৯ চনত দাখিল কৰা শপতনামাত ১৭,৪০৭ গৰাকী অসংৰক্ষিত শ্ৰেণীৰ লোকক কোনে কেতিয়া জৰীপ কৰি চিনাক্তকৰণ কৰিলে ?

আচলতে বি পি এফ দলৰ চৰকাৰ চলি থকাৰ সময়ত কোনো ধৰনৰ ক্ষেত্ৰভিত্তিক জৰীপ নকৰাকৈ বিষয়া, মণ্ডলসকলে কাৰ্যালয়তে বহি কেৱল মুছলমান লোকসকলক লক্ষ্য কৰি তালিকা প্ৰস্তুত কৰি আদালতত দাখিল কৰা বাবেই যুগ যুগ ধৰি জনজাতি বেষ্টনী আৰু আবেষ্টনী গঠন হোৱাৰ আগৰে পৰা বসবাস কৰি থকা মুছলমান লোকসকলক উচ্ছেদৰ জাননী প্ৰেৰণ কৰি হাৰাশাস্তি কৰি আছে ।

হাগ্ৰামা মহিলাৰীয়ে যিমানেই মছজিদত, ঈদৰ নামাজত অংশগ্ৰহণ কৰি নিজকে সংখ্যালঘূ প্ৰেমী বুলি জাহিৰ নকৰক দৰাচলতে তেখেতৰ কাৰণেই এতিয়া বি টি আৰ এলেকাৰ ধৰ্মীয় সংখ্যালঘু লোকক উচ্ছেদৰ নামত হাৰাশাস্তি সন্মূখীন হৈ আছে বুলি অভিযোগ উত্থাপন কৰে আব্দুল আওৱাল মণ্ডলে।

তাৰ বিপৰীতে আৰ এম চিৰ সভাপতি জনে বৰ্তমানৰ বি টি চি প্ৰধান প্ৰমোদ বড়োৰ প্ৰতি আস্থা দেখুৱাই জনজাতি বেষ্টনী আৰু আবেষ্টনী বেদখলমুক্ত কৰাৰ নামত বি টি আৰ এলেকাত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু লোকসকলক উচ্ছেদৰ জাননী প্ৰেৰণ কৰি যিদৰে হাৰাশাস্তি প্ৰদান কৰি থকা হৈছে তাৰ পৰা ৰক্ষা দিবলৈ আহ্বান জনায় নেতা জনে।

তাৰ বাবে পৰিবৰ্তনকামী চৰকাৰখনে তদানীন্তন বি পি এফ দলৰ চৰকাৰৰ সময়ত ক্ষেত্ৰভিত্তিক জৰীপ নকৰাকৈ ষড়যন্ত্ৰমূলক ভুল তথ্য দি মহামান্য আদালতক ভুলপথে পৰিচালিত কৰিছে সেয়ে প্ৰমোদ বড়োৰ নেতৃত্বত বি টি চি প্ৰশাসনে গুৱাহাটী উচ্চ ন্যায়ালয়ত সময় বিচাৰি আৱেদন কৰি পুৰণি শপতনামা বাতিল কৰি এক নতুন ক্ষেত্ৰভিত্তিক জৰীপ কৰি এখন নতুন অসংৰক্ষিত শ্ৰেণী লোকৰ তালিকা জমা কৰিবলৈ আহ্বান জনায় ।

চিৰাঙৰ কাজলগাঁৱত আৰ এম চিৰ সংবাদ মেলঃ হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ...
গোলাঘাটত অসম জাতীয় পৰিষদৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে নাগৰিক সভা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in