২৩ মাৰ্চৰ পৰা উত্তৰ পূৱ মিডিয়া ক্ৰিকেটঃ কেইবাটাও নতুন নিয়ম সংযোজন...

২৩ মাৰ্চৰ পৰা উত্তৰ পূৱ মিডিয়া ক্ৰিকেটঃ কেইবাটাও নতুন নিয়ম সংযোজন...
২৩ মাৰ্চৰ পৰা উত্তৰ পূৱ মিডিয়া ক্ৰিকেটঃ কেইবাটাও নতুন নিয়ম সংযোজন...

ডিজিটেল ডেস্কঃ ২৩ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব উত্তৰ-পূৱ মিডিয়া ক্ৰিকেট প্ৰতিযোগিতা। উল্লেখ্য যে সদস্য সমাপ্ত টি জি বৰুৱা টি-২০ মিডিয়া ক্ৰিকেট প্ৰতিযোগিতাত সূত্ৰপাত হোৱা বিতৰ্কৰ পিছতে উত্তৰ-পূৱ মিডিয়া ক্ৰিকেটত কিছু নতুন নিয়ম সংযোজন কৰা হৈছে।

সেই অনুসৰি ৰাজ্যৰ হৈ বৰ্তমানেও খেলি থকা কোনো ক্ৰিকেটাৰে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব। ৩ বছৰ ধৰি ৰাজ্যৰ হৈ খেলি থকা ক্ৰিকেটাৰসকলৰ বাবে এই নিয়ম নিৰ্ধাৰণ কৰা হৈছে।

ইয়াৰোপৰি অসম প্ৰিমীয়াৰ ক্লাৱ ক্ৰিকেট খেলি থকা ক্ৰিকেটাৰেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব। ২ বছৰ ধৰি এ পি চি চি খেলি থকা ক্ৰিকেটাৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছে এই নিয়ম।

এ পি চি চি খেলি থকা ৩৩ বছৰ অনুৰ্ধৰ ক্ৰিকেটাৰেও খেলিব নোৱাৰিব উত্তৰ পূৱ মিডিয়া ক্ৰিকেট প্ৰতিযোগিতা। প্ৰতিটো দলৰ ১৫ জনীয়া খেলুৱৈৰ তালিকাত থাকিব লাগিব কেৱল সংবাদকৰ্মীৰহে নাম।

মন কৰিবলগীয়া যে, সদ্য সমাপ্ত টি জি বৰুৱা টি-২০ ক্ৰিকেট প্ৰতিযোগিতাত ৰাজ্যক প্ৰতিনিধিত্ব কৰা ক্ৰিকেটাৰেও অংশগ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। বিষয়টোক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল প্ৰতিযোগিতাখনত অংশলোৱা সংবাদকৰ্মীসকলে।

সেয়ে উত্তৰ পূৱ মিডিয়া ক্ৰিকেট প্ৰতিযোগিতাত পুনৰ তেনে বিতৰ্কৰ সূচনা হোৱাৰ পূৰ্বেই এই নিয়ম নিৰ্ধাৰণ কৰা হৈছে।

২৩ মাৰ্চৰ পৰা উত্তৰ পূৱ মিডিয়া ক্ৰিকেটঃ কেইবাটাও নতুন নিয়ম সংযোজন...
ৰাজ্যত ৬ বছৰত সন্ধানহীন ৭৫৯ টা শিশুঃ শিশু সৰবৰাহৰ ক্ষেত্ৰত তৃতীয় স্থানত অসম

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in