ৰাজ্যত ৬ বছৰত সন্ধানহীন ৭৫৯ টা শিশুঃ শিশু সৰবৰাহৰ ক্ষেত্ৰত তৃতীয় স্থানত অসম

ৰাজ্যত ৬ বছৰত সন্ধানহীন ৭৫৯ টা শিশুঃ শিশু সৰবৰাহৰ ক্ষেত্ৰত তৃতীয় স্থানত অসম
ৰাজ্যত ৬ বছৰত সন্ধানহীন ৭৫৯ টা শিশুঃ শিশু সৰবৰাহৰ ক্ষেত্ৰত তৃতীয় স্থানত অসম

ডিজিটেল ডেস্কঃ শিশু সৰবৰাহক লৈ অসম বিধানসভাত উন্মোচিত হৈছে উদ্বেগজনক তথ্য। শিশু সৰবৰাহৰ ক্ষেত্ৰত অসম আছে শীৰ্ষ ৫ খন ৰাজ্যৰ ভিতৰত। দেশৰ ভিতৰতে সৰ্বাধিক শিশু সৰবৰাহৰ ক্ষেত্ৰত অসমৰ স্থান তৃতীয়।

আনহাতে অসমৰ পৰা সৰবৰাহ হোৱা শিশুৰ ভিতৰত ৭৯ শতাংশই হ'ল ছোৱালি আৰু ২১ শতাংশ ল'ৰা। আজি এই সন্দৰ্ভত অসম বিধানসভাত প্ৰশ্ন উত্থাপন কৰে কমলপুৰৰ বিজেপিৰ বিধায়ক দিগন্ত কলিতাই।

তেওঁ নিজৰ শিশুৰ দৰেই ৰাজ্যৰ শিশুসকলক গণ্য কৰি সকলো বিধায়ককে নিজ নিজ সমষ্টিত সজাগ, সচেতন হ'বলৈ আহ্বান জনাই আৰু প্ৰয়োজন সাপেক্ষে শিশু সৰবৰাহৰ হাই এলাৰ্ট জাৰি হোৱা অঞ্চলত অসম বিধানসভাৰ প্ৰতিনিধিৰ দল গৈ পৰ্যবেক্ষণ কৰিব লাগে বুলিও মত পোষণ কৰে।

এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অজন্তা নেওগে বিধানসভাত দাখিল কৰা তথ্য অনুসৰি অসমত ২০১৭ চনৰ পৰা বৰ্তমানলৈকে মুঠ ৭৫৯ টা শিশু নিৰুদ্দেশ হৈছে। ইয়াৰ ভিতৰত উদ্ধাৰ হৈছে ৬৬৬ টা শিশু। আনহাতে এতিয়াও উদ্ধাৰ কৰিব পৰা নাই ৯৩ টা শিশু।

মন্ত্ৰীগৰাকীয়ে কয়, অসম চৰকাৰে এণ্টি হিউমেন ট্ৰেফিকিং ইউনিট, স্পেচিয়েল জুভেইনাল পুলিচ ইউনিট শক্তিশালী ৰূপত গঢ় দিয়াৰ বাবে প্ৰশিক্ষণ আদি প্ৰদান কৰি অন্যান্য সা-সুবিধা প্ৰদান কৰিছে। উচ্চ পৰ্যায়ৰ বিষয়াৰ তত্বাৱধানত এনে অপৰাধৰ অনুসন্ধান পক্ৰিয়া সুনিশ্চিত কৰিছে।

তেওঁ কয়, শিশুৰ সৈতে জড়িত সকলোধৰণৰ অপৰাধ দূৰ কৰিবলৈ চৰকাৰ বদ্ধ পৰিকৰ। প্ৰতিখন থানাতে এ এছ আই অথবা তেওঁতকৈ উচ্চ পৰ্যায়ৰ বিষয়াক চাইলড ৱেলফেয়াৰ পুলিচ অফিচাৰ হিচাপে শিশু ভুক্তভোগী অথবা দোষীসকলৰ ব্যৱস্থা গ্ৰহণৰ বাবে এটা স্পেচিয়েল জুভেইনাল পুলিচ ইউনিট গঠন কৰা হৈছে।

ইয়াৰ লগতে মহিলা আৰক্ষীৰ লগতে দুগৰাকী সমাজসেৱিকা মহিলাকো সদস্য হিচাপে লোৱা হৈছে। আনহাতে এজন ডিএছপি, এজন এডিশ্যনেল এছ পিক সদস্য মুৰব্বী হিচাপে লৈ এণ্টি হিউমেন ট্ৰেফিকিং ইউনিট গঠন কৰা হয়।

উদ্ধাৰ কৰা শিশুসকলক সংশ্লিষ্ট জিলাৰ চাইল্ড ৱেলফেয়াৰ কমিটী সমূহৰ সন্মুখত হাজিৰ কৰা হয়। ইয়াৰ পিছত উদ্ধাৰ হোৱা শিশুক পৰিয়ালক অথবা চৰকাৰী, বেচৰকাৰী শিশুগৃহত ৰখাৰ ব্যৱস্থা কৰা হয়।

ইফালে মন্ত্ৰী গৰকাৰী ভাষ্যত স্পষ্ট হৈছে, ৰাজ্যৰ শোণিতপুৰ, বৰপেটা, বিশ্বনাথ, কামৰূপ গ্ৰাম্য, ওদালগুৰি, ধুবুৰী, লখিমপুৰ, ধেমাজি আৰু যোৰহাট জিলাত অতি স্পৰ্শকাতৰ হিচাপে পৰিগণিত হৈছে।

ৰাজ্যত ৬ বছৰত সন্ধানহীন ৭৫৯ টা শিশুঃ শিশু সৰবৰাহৰ ক্ষেত্ৰত তৃতীয় স্থানত অসম
মেঘালয়ত পথৰ ওপৰত বাগৰি পৰিল গুৱাহাটীৰ পৰা যোৱা বাছ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in