/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/2e85ad10-83a8-445d-9eda-b2d23189ec95/asomiya.jpg)
ডিজিটেল ডেস্কঃ অৱশেষত চূড়ান্ত মেচত বিজয় ৰথ থমকিল অসমীয়া প্ৰতিদিনৰ। গুৱাহাটীৰ জজ ফিল্ড অনুষ্ঠিত হৈছে চতুৰ্থ নৰ্থ-ইষ্ট মিডিয়া চেম্পয়নশ্বিপ ক্ৰিকেট প্ৰতিযোগিতা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/2181dc25-ca99-4349-bea1-3913e239e44f/9616a0cd_f577_4304_ba9a_4c0711ec41e5.jpg)
বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত মেচখনত টছত জয়লাভ কৰি এন ডি ২৪ৰে পোনতে বেট ধৰি নিৰ্ধাৰিত ২০ অ'ভাৰত মাত্ৰ ৩টা উইকেট হেৰুৱাই ১৯৯ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ দুজনকৈ বেটছমেনে অৰ্ধশতক অৰ্জন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/d35f3121-618a-4381-8bc2-b81aecd35023/ddfe4a62_df66_48e7_94ca_59291a39305d.jpg)
ৰঞ্জিত চাংমাইয়ে ৫৩ বলত ৭৭ আৰু ৰাজ হুছেইনে ৪৫ বলত ৫৯ ৰানৰ উল্লেখযোগ্য বৰঙণি আগবঢ়ায়। অসমীয়া প্ৰতিদিনৰ হৈ পাৰ্থিৱ হাজৰিকা আৰু ৱাচিম আহমেদে এটাকৈ উইকেট দখল কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/725e8e09-7ceb-45c1-9be7-d5cfc1356cef/6d598a01_43ac_4eae_be14_75ac99ce40d7.jpg)
নিৰ্ধাৰিত ২০০ ৰানৰ লক্ষ্য আগত লৈ খেলপথাৰত নমা অসমীয়া প্ৰতিদিনে প্ৰথমৰ পৰাই বেটিং বিপৰ্যয়ৰ সন্মুখীন হয়। দলটোৰ হৈ অ'পেনাৰ জগজিত সিঙে ৩২ বলত ৫ বাউণ্ডেৰীৰ সহায়ত ২৭ ৰান তৌহিদ আলি তালুকদাৰে ৮টা বাউণ্ডেৰী আৰু ১টা অ'ভাৰ বাউণ্ডেৰীৰ সহায়ত ৪৬ বলত ৬৩ ৰান সংগ্ৰহ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/75326479-9c91-4f1b-8bc3-7b481d561cd6/17cc91df_ab4b_49fa_a8f0_b595fac56744.jpg)
দলটোৱে নিৰ্ধাৰিত ২০ অ'ভাৰত ২০০ ৰানৰ লক্ষ্যৰ বিপৰিতে ৫ উইকেট হেৰুৱাই ১৫৪ ৰান হে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। এন ডি ২৪ৰৰ হৈ বাস্তৱ হাজৰিকা আৰু বিকাশ চেত্ৰীয়ে ২টাকৈ উইকেট দখল কৰে। মেন অৱ দা মেচৰ সন্মাল লাভ কৰে এন ডি ২৪ৰৰ ৰঞ্জিত চাংমাইয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/c875082e-0000-4a4e-a603-e9d936a9bad3/5d9fa0ce_388e_4705_882e_897e21606d3c.jpg)
Also Read: পুত্ৰৰ নামত কলংক! হানি-খুচি হত্যা কৰিলে পিতৃ-মাতৃক, কাৰণ...