পুত্ৰৰ নামত কলংক! হানি-খুচি হত্যা কৰিলে পিতৃ-মাতৃক, কাৰণ...

পুত্ৰৰ নামত কলংক! হানি-খুচি হত্যা কৰিলে পিতৃ-মাতৃক, কাৰণ...

ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি হোৱা অপৰাধজনিত ঘটনাই এতিয়া অন্য ৰূপ লৈছে। একাংশ নিকৃষ্ট মানসিকতাৰ লোকে নিজ পিতৃ-মাতৃকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। পুনৰ এজন লম্পট পুত্ৰই হত্যা কৰিলে পিতৃ-মাতৃক।

ঘটনাৰ বিৱৰণী অনুসৰি পুত্ৰই তেওঁৰ পিতৃ-মাতৃৰ সৈতে ভাড়াঘৰত আছিল। ঘটনাৰ দিনা পিতৃ-মাতৃ শুই আছিল। তেনে অৱস্থাতে পুত্ৰ কোঠাৰ ভিতৰত আহি কেছীৰে হানি খুচি হত্যা কৰে পিতৃ মাতৃক। ঘটনা সংক্ৰান্তত পোহৰলৈ অহা ভিডিঅত দেখিবলৈ পোৱা গৈছে যে, যুৱক জনে ৩৮ ছেকেণ্ডত ৪৮ বাৰ পিতৃক প্ৰহাৰ কৰে।

এই ঘটনা উত্তৰ প্ৰদেশৰ আলিগড়ৰ। অভিযুক্তৰ নাম গুলাম মুহিউদ্দিন। বুধবাৰ-বৃহস্পতিবাৰৰ নিশা এই ঘটনা সংঘটিত হয়। ঘটনাৰ পাছতেই ওচৰত অন্য লোকে গুলামক ৰখাব চেষ্টা কৰিছিল যদিও সক্ষম নহ'ল।

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গুলামক। জানিব পৰা মতে গুলামৰ মানসিক স্থিতি ঠিক নহয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এই হত্যাকাণ্ড ইমানেই নৃশংস আছিল যে বাৰে বাৰে প্ৰহাৰ কৰি গুলামে চাইছিল পিতৃ-মাতৃ জীয়াই আছে নে নাই।

উল্লেখ্য যে, গুলামে ভাবিছিল তেওঁ পৰিয়ালে তেওঁৰ হত্যা কৰিব। তেওঁৰ মানসিক বিকাৰৰ চিকিৎসা চলিও আছে। কিন্তু তাৰ মাজতে এই হত্যাকাণ্ড সংঘটিত হয়।

পুত্ৰৰ নামত কলংক! হানি-খুচি হত্যা কৰিলে পিতৃ-মাতৃক, কাৰণ...
দুই সন্তানৰ পিতৃ মুছলমান যুৱকে পলুৱাই আনিলে ১৬ বছৰীয়া কিশোৰীক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in