/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/2c895105-2ca8-4864-8e36-5e11fe00581b/7.jpg)
ডিজিটেল ডেস্ক : বৰষুণে বিধি-পথালি দিলে ভাৰত-পাকিস্তানৰ মেচত। শনিবাৰে এছিয়া কাপৰ লীগ পৰ্বৰ প্ৰথমখন মেচ শ্ৰীলংকাৰ কেণ্ডি ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। কিন্তু বৰষুণৰ বাবে এই মেচখন পৰিত্যক্ত হোৱা বুলি আম্পায়াৰে ঘোষণা কৰিবলগা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/f8f91d46-a8f6-46dd-bcdb-cc1ab48baa5c/372043442_859590938863765_457644096120690050_n.jpg)
দীৰ্ঘ দিনৰ অপেক্ষাৰ অন্তত অনুষ্ঠিত হৈছিল ভাৰত-পাক মহাৰণ। দৰ্শকৰ আনন্দ-উত্তেজনাত চেঁচা পানী ধালি ফলাফলহীনভাৱে মেচৰ যৱনিকা পৰে। অৱশ্যে দৰ্শকৰ প্ৰথম ইনিংছত ভাৰতীয় দলৰ বেটিং চোৱাৰ সৌভাগ্য ঘটে।
মেচখনত ভাৰতীয় দলৰ টপ অৰ্ডাৰ ব্যৰ্থ হ'লেও শেষৰ ফালে ঈশাণ কিষাণ আৰু হাৰ্ডিক পাণ্ডিয়াৰ বেটিং বিক্ৰমে দৰ্শকক আমোদ দিয়ে। দুয়োগৰাকী বেটাৰে সাহসী বেটিং বিক্ৰমেৰে দলক আগুৱাই নিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/8f9cbb4a-e661-4b1d-b708-ecb9e727fd2b/CRICKET_ASIA_2023_IND_PAK_ODI_63_1693661556371_1693661572639.avif)
দলৰ হৈ পাণ্ডিয়াই ৮৭ আৰু ঈশানে ৮২ ৰানৰ দৰ্শনীয় ইনিংছ খেলে। ইফালে অধিনায়ক ৰোহিত শৰ্মা ১১,বিৰাট কোহলি ৪,গীল ১০ আৰু শ্ৰেয়াস আয়াৰ ১৪ ৰান সম্পূৰ্ণ ব্যৰ্থ হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/f1f4676f-89a4-49c7-a647-9cf2445bbee8/371849240_859590932197099_2774499392282979109_n.jpg)
সুকলমে আৰম্ভ হোৱা মেচখন কোনোৱে ভৱা নাছিল যে তিক্ততাৰে ইয়াৰ পৰিণতি ঘটিব। অৱশেষত বতৰ বিজ্ঞানৰ পূৰ্বাভাস সত্য প্ৰমাণিত কৰি বৰষুণে দিলে বিধি-পথালি। উল্লেখ্য যে, বতৰ বিজ্ঞান কেন্দ্ৰই ৩দিন পূৰ্বেই বৰষুণৰ আগজাননী দিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/566382b1-f53d-4b07-8523-33c868dfcf2c/370353792_859590915530434_4693000518474417400_n.jpg)
Also Read: আজি অভিৰুচি ক্ৰীড়া দিৱস