আজি অভিৰুচি ক্ৰীড়া দিৱস

আজি অভিৰুচি ক্ৰীড়া দিৱস

author-image
Asomiya Pratidin
New Update
আজি অভিৰুচি ক্ৰীড়া দিৱস

ডিজিটেল ডেস্ক : "এই পৃথিৱী এক ক্ৰীড়াঙ্গন,ক্ৰীড়া হ'ল শান্তিৰ প্ৰাঙ্গন...।" আজি ৩ ছেপ্তেম্বৰ,অভিৰুচি ক্ৰীড়া দিৱস।

Advertisment

অসমৰ প্ৰথম অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস। ক্ৰীড়াবিদগৰাকীৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে অসমত তেওঁৰ জন্ম দিৱসটি 'অভিৰুচি ক্ৰীড়া দিৱস' হিচাপে পালন কৰা হয়।

উল্লেখযোগ্য যে,১৯৮৪ চনৰ পৰা প্ৰত্যেক বছৰে আজিৰ এই দিনটো ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হৈ আহিছে ৷ অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন প্ৰান্তত দৌৰ,সংস্কৃতিক অনুষ্ঠান আদিৰ উপৰি বিভিন্ন খেল-ধেমালিত পাৰদৰ্শিতা দেখুওৱা খেলুৱৈসকলক বিশেষভাৱে সন্মান জনোৱা হয়।

ইফালে দেওবাৰে আন আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হৈছে। পুৱাই মহানগৰীৰ একাংশ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলে চানমাৰি উৰণসেতুত একলগ হৈ সামূহিক দৌৰত অংশ লোৱা দেখা গৈছে।

Also Read: নগাঁৱৰ বিশেষ কাৰাগাৰ পৰা কয়দীৰ পলায়ন

Abhiruchi Sports Day