প্ৰথম প্ৰচেষ্টাতেই ডায়মণ্ড লীগত স্বৰ্ণ জয় নীৰজ চোপ্ৰাৰ

neeraj chopra
neeraj chopra

ডিজিটেল ডেস্ক : ভাৰতীয় ক্ৰীড়া জগতৰ চাঞ্চল্য নীৰজ চোপ্ৰাই এইবাৰো নিৰাশ নকৰিলে দেশবাসীক । ডোহাত চলি থকা ডায়মণ্ড লীগত প্ৰথম প্ৰচেষ্টাতেই জয় কৰিলে স্বৰ্ণ পদক । টকিঅ' অলিম্পিকৰ চেম্পিয়ন নীৰজ চোপ্ৰাই বিগত বৰ্ষতো ডায়মণ্ড লীগত স্বৰ্ণ জয় কৰিছিল । এইবাৰ ৮৮.৬৭ মিটাৰ দূৰ্ত্বলৈ জেভলিন দলিয়াই প্ৰমাণ কৰিলে যে খেলুৱৈগৰাকীৰ স্বৰ্ণজয়ৰ ক্ষুধা এতিয়াও আগৰ দৰেই আছে ।

প্ৰতিযোগিতাৰ ফাইনেলত প্ৰথমটো প্ৰচেষ্টাতেই বাকীসকলৰ লগত এক ব্যৱধান গঢ়িছিল নীৰজে । দ্বিতীয় স্থানত থকা জাকুব ডাডলেছৰ দূৰত্ব আছিল ৮৮.৬৩ মিট‍াৰ । ইয়াৰ ফলত মাত্ৰ ০.০৪ মিটাৰৰ ব্যৱধানত স্বৰ্ণ পদক লাভ কৰে খেলুৱৈগৰাকীয়ে ।

অৱশ্যে স্বৰ্ণ পদক লাভ কৰিলেও এতিয়াও ৯০ মিটাৰৰ মাইল ফলক স্পৰ্শ কৰিবলৈ সক্ষম হৈ উঠা নাই খেলুৱৈগৰাকী ।

আনহাতে, ডায়মণ্ড লীগৰ আৰম্ভণিতেই অলিম্পিকতকৈ বেছি কঠিন বুলি কৈছিল এই প্ৰতিযোগিতাক খেলুৱৈ গৰাকীয়ে ।

neeraj chopra
চিকিৎসালয়ৰ বাহিৰতেই সন্তান প্ৰসৱ কৰিলে মহিলাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in