চিকিৎসালয়ৰ বাহিৰতেই সন্তান প্ৰসৱ কৰিলে মহিলাই

চিকিৎসালয়ৰ বাহিৰতেই সন্তান প্ৰসৱ কৰিলে মহিলাই

ডিজিটেল ডেস্ক : দেশৰ কেন্দ্ৰীয় শাসনাধিস্থ দলে স্বাস্থ্যখণ্ডৰ উন্নতিৰ যিমানেই ঢাক-ঢোল নবজাওক কিয় সঁচা অৰ্থত যে সৰ্বাংগীন উন্নতি সম্ভৱ হৈ উঠা নাই সেই কথা দেশৰ সকলোৱেই জানে আৰু বাবে বাৰে এই কথা প্ৰতিপন্ন কৰি আহিছে সকলোৱে । এক হতাশগ্ৰস্ত বিফল স্বাস্থ্যখণ্ডেৰে উন্নয়ণশীলৰ পৰা উন্নত ৰাষ্ট্ৰ হোৱাৰ সপোন ভাৰতৰ । এই দুৰ্ভগীয়া ঘটনাৰে এইবাৰ বলি হ'ল মধ্য প্ৰদেশৰ এগৰাকী মহিলা ।

মধ্য প্ৰদেশৰ ভূপালৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰৈত অৱস্থিত শিৱপুৰী । শনিবাৰে পুৱাৰে পৰাই প্ৰসৱ বেদনাত চটফটাই থকা মহিলাগৰাকীক স্বামীয়ে শিৱপুৰীৰ এখন চৰকাৰী চিকিৎসালয়লৈ লৈ গৈছিল ভৰ্তি কৰাবৰ বাবে । লৈ যোৱাৰ বাবেও স্বামীয়ে জননী এক্সপ্ৰেছক ফোন কৰিছিল যদিও বহু পলমকৈ উপস্থিত হৈছিল এম্বুলেন্স । উল্লেখ্য যে, জননী এক্সপ্ৰেছ হৈছে ২০০৯ চনত মধ্য প্ৰদেশত প্ৰসূতিৰ বাবে আৰম্ভ কৰা এক সেৱা । যি সেৱাই প্ৰসূতিসকলক সঠিক সময়ত চিকিৎসালয়ত উপস্থিত হোৱাত সহায় কৰিব বুলি দাবী কৰা হৈছিল ।

মহিলাগৰাকী আৰু তেওঁৰ স্বামী বিয়লিকৈ চিকিৎসালয়ত উপস্থিত হয় কিন্তু সন্ধিয়ালৈ কোনো চিকিৎসক, নাৰ্ছ অথবা ৱাৰ্ড বয় পৰ্যন্ত কাষ নেচাপিলে মানুহগৰাকীক ভৰ্তি কৰাবৰ বাবে ।

যাৰ বাবে সন্ধিয়া চিকিৎসালয়ৰ চৌহদতেই সন্তান প্ৰসৱ কৰে মহিলাগৰাকীয়ে । এই ঘটনাৰ পাছতেই উত্তেজিত ৰাইজে জুম বন্ধা দেখি হে চিকিৎসালয় কৰ্তৃপক্ষই ভৰ্তি কৰায় মহিলাগৰাকী আৰু নৱজাতক সন্তানটিক । বৰ্তমান দুয়োৰে অৱস্থা সুস্থ যদিও আৰু কিমান দিনলৈ চলিব এই ব্যৱস্থা ? এনেদৰেই উন্নতিৰ কথা ক'ব নেকি সুবিধাবাদী ৰাজনৈতিক নেতা-পালিনেতাই ? যি দেশত সুস্থ স্বাস্থ্যখণ্ড এটি নাই, সেই দেশত পলে পলে জীৱন বিপন্ন সকলোৰে ।

চিকিৎসালয়ৰ বাহিৰতেই সন্তান প্ৰসৱ কৰিলে মহিলাই
শিশু নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱা সংগীতা দত্তক গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in