নীৰজ চোপ্ৰাক স্বৰ্ণ জয়ৰ পৰা বঞ্চিত কৰাৰ চীনৰ অপচেষ্টা ফাদিল...

নীৰজ চোপ্ৰাক স্বৰ্ণ জয়ৰ পৰা বঞ্চিত কৰাৰ চীনৰ অপচেষ্টা ফাদিল...
নীৰজ চোপ্ৰাক স্বৰ্ণ জয়ৰ পৰা বঞ্চিত কৰাৰ চীনৰ অপচেষ্টা ফাদিল...

ডিজিটেল ডেস্কঃ এছিয়ান গেমছত সোণৰ পদক জয় কৰা ভাৰতীয় তাৰকা জেভলীন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাক স্বৰ্ণ জয়ৰ পৰা বঞ্চিত কৰাৰ অপচেষ্টাত লিপ্ত হৈছিল আয়োজক চীন। ইচ্ছাকৃতভাৱে নীৰজ চোপ্ৰাৰ প্ৰথম থ্ৰ' বাতিল কৰিছিল চীনৰ অফিচিয়েলে। এই অভিযোগ উত্থাপন কৰিছে খোদ নীৰজ চোপ্ৰাই।

চীনৰ বিৰুদ্ধে এনে অভিযোগ এয়াই প্ৰথম নহয়। একেটা প্ৰতিযোগিতাতে ৰূপৰ পদক জয় কৰা আনগৰাকী ভাৰতীয় জেভলীন থ্ৰ'ৱাৰ কিশোৰ জেনাৰ সৈতেও চীনে কৰিছিল এনে অপকৰ্ম। ইয়াৰ পূৰ্বেও এনে অভিযোগত অভিযুক্তি এছিয়ান গেমছৰ আয়োজক দেশখন।

বুধবাৰে ৮৮.৮৮ মিটাৰ থ্ৰ' কৰি এছিয়ান গেমছত সোণৰ পদক জয় কৰিছিল নীৰজ চোপ্ৰাই। কিন্তু তেওঁৰ প্ৰথম থ্ৰ' বাতিল কৰি দিয়া হৈছিল। তেওঁ প্ৰথমবাৰ জেভলীন থ্ৰ' কৰাৰ পাছতো প্ৰায় ১৫ মিনিট পৰ্যন্ত তেওঁ কিমান দূৰ নিক্ষেপ কৰিলে তাৰ দূৰত্ব জোখ লোৱাৰ পৰা বিৰত আছিল আয়োজক।

প্ৰায় ১৫ মিনিট পাছত তেওঁলোকে নীৰজৰ সেই থ্ৰ' বাতিল কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ পাছত পুনৰ তেওঁ থ্ৰ' কৰিবলগীয়া হয়। বুধবাৰৰ দিনটোত সৰ্বমুঠ ৭ বাৰকৈ জেভলীন থ্ৰ' কৰিলে নীৰজে।

প্ৰযুক্তিগত বিসংগতিৰ বাবে তেওঁলোকে নীৰজৰ প্ৰথম থ্ৰ' বাতিল কৰাৰ কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত নীৰজে কয়, সাধাৰণতে এখন প্ৰতিযোগিতাত ৬ বাৰ জেভলীন থ্ৰ' কৰিবলগীয়া হয়। কিন্তু ইয়াত ৭ বাৰ থ্ৰ' কৰিবলগীয়া হ'ল। এনেকুৱা পৰিস্থিতিৰ মুখামুখী ইয়াৰ আগে কেতিয়াও হোৱা নাই। কিবা এটা খেলিমেলি হৈছিল। মোৰ থ্ৰ' তেওঁলোকে জোখ লোৱা নাছিল। কিন্তু ইয়াৰ মাজতে পাছৰজনে জেভলীন থ্ৰ' কৰি দিয়ে। ফলত মই কিমান দূৰ নিক্ষেপ কৰিলো সেই মাৰ্ক তেওঁলোকে হেৰুৱালে। প্ৰথম থ্ৰ'টো খুব ভাল আছিল। মই সেই থ্ৰ'ৰ ভিডিঅ' চাম। জানিব বিচাৰো কিমান দূৰলৈ থ্ৰ' কৰিছিলো।

নীৰজেই প্ৰথম নহয়, এইবাৰ এছিয়ান গেমছত আৰু ভাৰতীয় এথলিট চীনৰ অফিচিয়েলৰ বাবে বিপদত পৰিছে। ১০০ মিটাৰ হাৰ্ডলছত জ্যোতি য়াকাজিৰ সৈতে সংঘটিত হৈছিল এনে ঘটনা।

সেইবাৰো ভুল আছিল চীনৰ অফিচিয়েলৰ। নীৰজ চোপ্ৰাই স্পষ্টকৈ কৈছে, এনে ঘটনা এইবাৰ এছিয়ান গেমছত আন ভাৰতীয় এথলিটৰ সৈতেও হৈছে। এয়া সঠিক নহয়। কিশোৰ জেনাৰ দ্বিতীয় থ্ৰ' তেওঁলোকে বাতিল কৰি দিছে। সেয়াও ভুল সিদ্ধান্ত আছিল। কিন্তু ইয়াক লৈ এতিয়া কাজিয়া কৰি কি লাভ? আন এথলিটক সন্মান কৰা উচিত।

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে ভাৰতে এছিয়ান গেমছত জেভলীনত সোণ আৰু ৰূপ দুয়োটা পদকেই জয় কৰিলে। কিশোৰ জেনাই ৮৭.৫৪ মিটাৰ দূৰত্ব নিক্ষেপ কৰি ৰূপৰ পদক জয় কৰিছে। তেওঁৰো দ্বিতীয় থ্ৰ'ৰ সময়ত ফাউল ঘোষণা কৰে চীনৰ অফিচিয়েলে। সেই সময়ত তৎক্ষণাৎ নীৰজ চোপ্ৰা কিশোৰ জেনাৰ কাষলৈ দৌৰি গৈছিল আৰু তেওঁক ৰিভিউ কৰিবলৈ কৈছিল। দেখা গৈছিল তেওঁৰ সেই থ্ৰ' ফাউল নাছিল।

কিশোৰ জেনাই এই সন্দৰ্ভত কয়, এনে ঘটনা আগতে কেতিয়াও মোৰ সৈতে ঘটা নাই।মোৰ লক্ষ্য আছিল পদক জয় কৰা আৰু অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা। দুয়োটাই কৰিব পাৰি ভাল লাগিছে।

ভাৰতীয় এথলেটিকছ সন্থাৰ উপ-সভাপতি তথা প্ৰাক্তন লং জাম্পাৰ অঞ্জু ববি জৰ্জে এছিয়ান গেমছৰ অফিচিয়েলৰ বিৰুদ্ধে অভিযোগ কৰিছে। তেওঁ কয়, আমাক পৰাস্ত কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। ভাৰতীয় এথলিটৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে। নীৰজৰ সৈতে যি হ'ল সেয়া আগৰ দিনটোত অন্নু ৰাণিৰ সৈতে হৈছে। তেওঁৰ প্ৰথম থ্ৰ' জোখা হোৱা নাছিল। সেইটোও তেওঁৰ খুব ভাল থ্ৰ' আছিল। জ্যোতিৰ সৈতেও অনুৰূপ ঘটনা সংঘটিত হৈছে। ইয়াৰ পাছতো জেভলীনত সোণ আৰু ৰূপ দুয়োটা জয় কৰিছো আমি। চীনৰ অফিচিয়লৰ বিৰুদ্ধে আমি লিখিত অভিযোগ দাখিল কৰিম।

নীৰজ চোপ্ৰাক স্বৰ্ণ জয়ৰ পৰা বঞ্চিত কৰাৰ চীনৰ অপচেষ্টা ফাদিল...
আজি বিশ্বকাপৰ প্ৰথমখন মেচঃ কোন বেছি শক্তিশালী? পিটছে সহায় কৰিব কাক? চাওক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in