বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰি অলিম্পিকৰ টিকট অৰ্জন নীৰজ চোপ্ৰাৰ

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰি অলিম্পিকৰ টিকট অৰ্জন নীৰজ চোপ্ৰাৰ

author-image
Asomiya Pratidin
New Update
বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰি অলিম্পিকৰ টিকট অৰ্জন নীৰজ চোপ্ৰাৰ

ডিজিটেল ডেস্কঃ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ কোৱালিফাইং ৰাউণ্ডত চমক নীৰজ চোপ্ৰাৰ। শুকুৰবাৰে হাংগেৰীৰ বুদাপেষ্টত অনুষ্ঠিত হোৱা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ পুৰুষৰ জেভলিন থ্ৰো ইভেণ্টৰ কোৱালিফাইং ৰাউণ্ডত এক আশাব্যঞ্জক চমক সৃষ্টি কৰে ভাৰতীয় খেলুৱৈগৰাকীয়ে।

Advertisment

এই কোৱালিফাইং ৰাউণ্ডত নীৰজ চোপ্ৰাই প্ৰথম প্ৰচেষ্টাত ৮৮.৭৭ মিটাৰ ৰেকৰ্ড কৰে। যাৰ বাবে তেওঁ ছিজন বেষ্টৰ সফলতা অৰ্জন কৰি ফাইনেলত প্ৰৱেশৰ যোগ্যতা অৰ্জন কৰে। উল্লেখ্য নীৰজৰ এই ৰেকৰ্ডে পেৰিছ অলিম্পিকৰ বাবেও যোগ্য হিচাপে বিবেচিত কৰিছে।

গ্ৰুপ এ আৰু বি-ৰ মাজত বিভক্ত ২৭ জন জেভলিন থ্ৰোয়াৰে অংশগ্ৰহণ কৰিবলগীয়া এই খেলখন দেওবাৰে অনুষ্ঠিত হ'ব। য'ত ১২ জনীয়া ফাইনেলষ্টে কোৱালিফায়াৰ খেলিব বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই। প্ৰণিধানযোগ্য যে, খেলখনৰ ফাইনেলৰ বাবে নিৰ্ধাৰিত যোগ্যতা হৈছে ৮৩.০০ মিটাৰ। সেই সূত্ৰে নীৰজে যোগ্যতা অৰ্জন কৰি গ্ৰুপ এৰ তালিকাৰ ১৮তম স্থানত নিজৰ নাম অন্তৰ্ভূক্ত কৰিছে।

Also Read: জীৱন নাট সামৰি অজান দেশলৈ গ’ল প্ৰাক্তন ডব্লিঅ’ ডব্লিঅ’ ই চেম্পিয়ন ব্ৰে' ৱায়াট

neeraj chopra