জীৱন নাট সামৰি অজান দেশলৈ গ’ল প্ৰাক্তন ডব্লিঅ’ ডব্লিঅ’ ই চেম্পিয়ন ব্ৰে' ৱায়াট

জীৱন নাট সামৰি অজান দেশলৈ গ’ল প্ৰাক্তন ডব্লিঅ’ ডব্লিঅ’ ই চেম্পিয়ন ব্ৰে' ৱায়াট

author-image
Asomiya Pratidin
New Update
জীৱন নাট সামৰি অজান দেশলৈ গ’ল প্ৰাক্তন ডব্লিঅ’ ডব্লিঅ’ ই চেম্পিয়ন ব্ৰে' ৱায়াট

ডিজিটেল ডেস্ক : জীৱন নাট সামৰি অজান দেশলৈ গ’ল প্ৰাক্তন ডব্লিঅ’ ডব্লিঅ’ ই চেম্পিয়ন খেলুৱৈ ব্ৰে' ৱায়াট। মাত্ৰ ৩৬ বয়সতে অকাল মৃত্যুক আঁকোৱালি ল’লে আমেৰিকান ক্ৰীড়াবিদজনে। তেওঁৰ মৃত্য সন্দৰ্ভত ডব্লিঅ’ ডব্লিঅ’ ইৰ মুখ্য সমল বিষয়া ট্ৰিপল এইচে টুইটযোগে প্ৰকাশ কৰে।

Advertisment

১৯৮৭ চনৰ ২৩ মে' আমেৰিকাৰ ফ্ল'ৰিডা চহৰত জন্মগ্ৰহণ কৰা ব্ৰে ৱায়াটে ২৪ আগষ্টৰ নিশা শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰামতে তেওঁ হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক আকোঁৱালি লয়। উল্লেখ্য যে তেওঁ বিগত সময়ত কোভিড-১৯তো আক্ৰান্ত হৈছিল।

World Wrestling Entertainment (WWE) খেলুৱৈ ৱায়াটে ২০০৯ চনৰ ৫ ফেব্ৰুৱাৰীত Florida Championship Wrestlingত প্ৰথমবাৰৰ বাবে ৰিঙত অৱতীৰ্ণ হৈছিল। ইয়াৰ পিছত আৰু তেওঁ পিচলৈ ঘূৰি চাবলগীয়া নহ'ল। বৰ্ণময় কেৰিয়াৰত তেওঁ ডব্লিঅ’ ডব্লিঅ’ ইৰ খিতাপ অৰ্জন কৰি খেলুৱৈ জীৱন ধন্য় কৰিছিল। ইয়াৰোপৰি তেওঁ WWE Universal Championshipত ২বাৰকৈ খিতাপ অৰ্জন কৰিছিল।

Also Read: ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত মিলেট খেতিৰ প্ৰশিক্ষণ আৰু সজাগতা সভা

WWE Bray Wyatt sports